নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত–গ্রামোন্নয় ৫০০ কোটিৰ অনিয়মঃ দুর্নীতি নিবাৰকক তদন্তৰ নির্দেশ হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত সংঘটিত ব্যাপক অনিয়মৰ তদন্ত কৰিবলৈ তদাৰকী আৰু দুর্নীতি নিবাৰকক নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ আমগুৰি নৱনির্মাণ সমিতি নামৰ সংস্থাটোৱে দাখিল কৰা ১৯/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ছমাহৰ ভিতৰত তদন্ত কৰি প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে৷

২০১২–১৩ বিত্তীয় বর্ষৰ পৰা ২০১৬–১৭ বিত্তীয় বর্ষলৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনত প্রায় ৫০০ কোটি টকাৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ ৰাজ্যৰ চাৰি জিলা ক্রমে চৰাইদেউ, গোলাঘাট, শিৱসাগৰ আৰু যোৰহাটত এম জি এনৰেগা আৰু প্রধানমন্ত্রী আৱাস যোজনা ৰূপায়ণত অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল৷ ভুৱা হিতাধিকাৰীৰ নামত ধন আবণ্টন দি একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীয়ে আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷

আনহাতে, উক্ত বিত্তীয় বর্ষত সংঘটিত এই অনিয়মৰ তথ্য প্রকাশ পাইছিল মহাগাণনিকৰ প্রতিবেদনতো৷ যাৰ ভিত্তিত আমগুৰি নৱনির্মাণ সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই অনিয়মৰ তদন্ত বিচাৰি ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে৷ এই আবেদনৰ শুনানিৰ সময়ত যোৱা ২৮ ছেপ্টেম্বৰত চৰকাৰী পক্ষই সদৰী কৰে যে এই অনিয়ম সন্দর্ভত ভিজিলেঞ্চ আৰক্ষী থানাত ১/২০১৯ নম্বৰ গোচৰ ৰুজু কৰা হৈছে৷ কিন্তু পৰৱর্তী সময়ত উচ্চ ন্যায়ালয়ৰ মজিয়াত প্রকাশ পায় যে ৰাজ্য চৰকাৰে এই গোচৰটোত প্রাথমিক তদন্ত কৰিবলৈ অনুমতি প্রদান কৰা নাই৷ সেয়েহে উচ্চ ন্যায়ালয়ে কিয় তদাৰকী আৰু দুর্নীতি নিবাৰকক এই অনুমতি প্রদান কৰা হোৱা নাই, সেয়া অৱগত কৰিবলৈ চৰকাৰক নির্দেশনা দিয়ে৷ পুনৰ কালি চৰকাৰী পক্ষই এখন শপতনামাযোগে কয় যে এই তদন্তৰ বাবে দুর্নীতি নিবাৰকে যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ ভিত্তিতে উচ্চ ন্যায়ালয়ে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ অনিয়মৰ তদন্ত কৰি ছমাহত প্রতিবেদন দাখিল কৰিবলৈ দুর্নীতি নিবাৰকক উচ্চ ন্যায়ালয়ে নির্দেশ দিছে৷

You might also like