ৰহাৰ বনুৱা গাঁৱৰ ৰাসত দর্শকক মনোৰঞ্জন দিবলৈ উদ্দাম নৃত্য গোপীৰ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূর্ব সৃষ্টি ভাওনাত অভিনয় কৰা একাংশ অভিনেতাই ভাওনাৰ তাত্ত্বিক কথা আৰু বিষয়বস্তুৰ বিষয়ে চর্চা নকৰি দর্শকক মনোৰঞ্জন দিবলৈ গৈ উদ্দাম নৃত্য প্রদর্শনেৰে অপসংস্কৃতিৰ ধাৰা আনিবলৈ কৰা চেষ্টাক লৈ প্রতিক্রিয়া হৈছে৷ সোমবাৰে নিশা নগাঁৱৰ ৰহাৰ বনুৱা গাঁৱত অনুষ্ঠিত পুৰুষৰ দ্বাৰা অভিনীত কেলিগোপাল ৰাসত এগৰাকী গোপীয়ে কৰা নৃত্যৰ বাবে বিতর্কৰ সৃষ্টি হৈছে৷ সামাজিক মাধ্যমতো যথেষ্ট বিৰূপ চর্চা হোৱা এই ৰাসক লৈ উদযাপন সমিতিৰ কর্মকর্তাসকলে কয় যে পৰিমার্জিতভাৱে অনুষ্ঠিত এই ৰাসত গাঁৱৰ বাহিৰৰ পৰা অহা একাংশ অভিনয় কৰা লোকৰ বাবেই সকলো লজ্জিত হ’বলগা হ’ল৷ প্রথমতে তেওঁলোকক মঞ্চৰ পৰা পঠিয়াই দিয়াৰ পাছতো পুনৰ কিদৰে প্রৱেশ কৰি উদ্দাম নৃত্য প্রদর্শন কৰিলে এই সম্পর্কে উদযাপন সমিতিয়ে গমেই নাপালে বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷
আনহাতে একাংশ সচেতন লোকে এনে কার্যক তীব্র গৰিহণা দিয়ে৷ তেওঁলোকে কয় যে ৰাসত ভক্তিৰসৰ পৰিৱর্তে সংস্কৃতিৰ বিকৃতকৰণ কেতিয়াও গ্রহণযোগ্য নহয়৷ অসমৰ জাতীয় জীৱনত সংস্কৃতিৰ এনে বহুৱালি ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্রহণ কৰা উচিত৷ অপসংস্কৃতি ৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে৷