ৰঙিয়াত পাচলি খেতিয়কৰ হাহাকাৰ, প্ৰতি কিলো বেঙেনা এটকাত বিক্ৰী
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ: ৰঙিয়াৰ বগৰীবাৰীত পাচলি খেতিয়কৰ হাহাকাৰ অৱস্থা । উৎপাদিত ফচলৰ উচিত মূল্যৰ পৰা বঞ্চিত অঞ্চলটোৰ পাচলি খেতিয়ক । গুৱাহাটীত প্ৰতি কিলোগ্ৰাম বেঙেনা ৪০ টকাৰ পৰা পঞ্চাশ টকালৈ বিক্ৰী হোৱাৰ বিপৰীতে উক্ত খেতিয়ক সকলে প্ৰতি কিলোগ্ৰাম বেঙেনাত মাত্ৰ একৰ পৰা দুটকাহে লাভ কৰে । যাৰ বাবে এইসকল কৃষকে লোকচানৰ সন্মুখীন হব লগা হৈছে । ৪০ বিঘা মাটিত ১০ গৰাকী কৃষকে ইয়াত শাক-পাচলিৰ খেতি কৰিছে । কিন্তু মধ্যভোগীৰ বাবে উৎপাদিত ফচলৰ উচিত মূল্য লাভ নকৰা এইসকল দুৰ্ভগীয়া খেতিয়কে মূৰে-কপালে হাত দিব লগা হৈছে । এইক্ষেত্ৰত চৰকাৰক উপযুক্ত ব্যৱস্থা লবলৈ খেতিয়ক সকলে দাবী জনাইছে ।
input: ফাৰুক হুছেইন , ৰঙিয়া