বোকানলা গাঁৱৰ বিষ্ণু মন্দিৰৰ স্বৰ্ণ জয়ন্তী উপলক্ষে আয়োজিত শ্ৰীমদ্ভাগৱতৰ সাপ্তাহিক জ্ঞানযজ্ঞৰ উপলক্ষত বিশাল জলযাত্ৰা
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ: লখিমপুৰ জিলাৰ ২ নং বোকানলা গাঁওৰ বিষ্ণুমন্দিৰৰ স্বৰ্ণ জয়ন্তী তথা বিশ্ব শান্তিৰ উপলক্ষে আজিৰে পৰা আৰম্ভ হোৱা সাতদিনীয়া শ্ৰীমদ্ভাগৱত জ্ঞানযজ্ঞৰ বাবে এক বিশাল জলযাত্ৰা কৰা হয়। বোকানলা বিষ্ণুমন্দিৰৰ ভাগৱত স্থলীৰ পৰা পুৱাতেই উলিওৱা এই জলযাত্ৰাত চিয়াজুলী অঞ্চলৰে প্ৰায় পাঁচ শতাধিক পূৰুষ মহিলাই গায়ন বায়ন লৈ ঢোল খোল বজাই হাতীৰে এক বিশাল শোভাযাত্ৰা কৰি চিয়াজুলী অঞ্চলৰ কেইবাখনো গাওঁ পদব্ৰজে পৰিভ্ৰমণ কৰি দীৰ্ঘা নদীৰ পৰা পৱিত্ৰ জল তুলি শ্ৰীমদ্ভাগৱতৰ জলাভিষেক কৰে ।উল্লেখযোগ্য যে, গাঁওখনৰ বিষ্ণুমন্দিৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা তথা আজিৰে পৰা আৰম্ভ হোৱা শ্ৰীমদ্ভাগৱতৰ সাপ্তাহিক জ্ঞানযজ্ঞত ভক্তপ্ৰাণ ৰাইজক ভাগৱত কথা শ্ৰৱণ কৰাব ভাগৱত বিশাৰদ পণ্ডিত পুৰুষোত্তম উপাধ্যায়ে