ফুলৰ নাৰ্ছাৰীৰে আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে ধুবুৰীৰ চাৰি যুৱক
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী কচুৱাৰখাছ দ্বিতীয় খণ্ড এলেকাৰ এটা ফুলৰ নাৰ্ছাৰীয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে কৰিছে। প্ৰায় চাৰি বিঘাৰ সেই নাৰ্ছাৰীখন এতিয়া শীতকালিন নানা বৰণীয়া ফুলেৰে ৰমকজমক হৈ পৰা দেখা গৈছে। কচুৱাৰখাছ অঞ্চলৰেই চাৰিগৰাকী ব্যক্তিয়ে মিলি দিয়া সেই ফুলৰ নাৰ্ছাৰীটোৰেই আত্মসংস্থানৰ পথ উলিয়াবলৈ সক্ষম হৈছে তেওঁলোকে। চৰকাৰী চাকৰিৰ বাবে লালায়িত নহৈ লালবাবু হক, আলতাফ হুছেইন, ৰফিক হুছেইন আৰু আব্দুৰ ৰহিম শ্বেখ নামৰ সেই চাৰিগৰাকী ভাই-ককায়েকে মিলি আৰম্ভ কৰা নাৰ্ছাৰীটোৰ ফুলা ফুলগছৰ পুলিবোৰ বৰ্তমানে ধুবুৰীকে ধৰি জিলাখনৰ গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰাৰ উপৰিও সুদূৰ গুৱাহাটী, চুবুৰীয়া ৰাজ্য মেঘালয় আৰু পশ্চিমবংগলৈকে পাইকাৰীভাবে বিক্ৰী হ’বলৈ লোৱা বুলি জনাইছে তেওঁলোক। নাৰ্ছাৰীখনত পশ্চিমবংগৰ , কোচবিহাৰ, শিলিগুৰি, ক’লকাতা আদি স্থানৰ পৰা অনা উন্নত প্ৰজাতিৰ গেন্ধা, গোলাপ, ডালিয়া, জৱা, কুকিকে ধৰি বিভিন্ন শীতকালিন ফুলৰ বীজ ৰোপন কৰাৰ পিছত নিজ হাতে পৰিচৰ্যা কৰে চাৰিও। সেই ফুলৰ বীজবোৰৰ পৰা ওপোজা বিভিন্ন ধৰণৰ নানা বৰণীয়া সেই ফুলগছৰ পুলি বিক্ৰী কৰি তেওঁলোকে আৰ্থিক ভাৱে লাভান্বিতও হৈছে। আশা কৰা হৈছে ধুবুৰীৰ কচুৱাৰ খাচ অঞ্চলৰ এই বিশেষ নাৰ্ছাৰীটোৰ সাফল্যই লাহে লাহে নাৰ্ছাৰীৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰাবো ধুবুৰীৰ অইন নিৱনুৱা যুৱক–যুৱতীকো।