নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভয়াপুৰীত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ প্ৰথমখন সাধাৰণ বৈঠক

নিয়মীয়া বাৰ্তা,১৬ ডিচেম্বৰঃ  বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত  উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত আজি কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰথমখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ সাধাৰণ সভাৰ অন্তত স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য পাৰিষদ গোকুল বৰ্মনে আৰু অধ্যক্ষ হিতেশ্বৰ বৰ্মনে জানিবলৈ দিয়ামতে, কোচ ৰাজবংশী জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই অহাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ তৎপৰতাত কমতাপুৰ স্বায়ত্ত্বশাসিত গঠন হৈছে ৷ এইক্ষেত্ৰত ভাৰত চৰকাৰ, অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে ৰাভা হাচং স্বায়ত্ত্বশাসিত পৰিষদ, বি টি এ ডিৰ বাহিৰে চাৰিখন জিলাক সামৰি গঠিত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদে সকলো জনগোষ্ঠীৰ বিকাশৰ চিন্তা কৰিব বুলি উল্লেখ কৰি প্ৰতিটো জনগোষ্ঠীৰে একোজনকৈ প্ৰতিনিধি কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদত অন্তভূক্তি কৰাৰো সাধাৰণ সভাত আলোচনা কৰা হয় ৷ তদুপৰি কোচ ৰাজবংশী অধ্যুষিত গাওঁ বা খিলঞ্জীয়া জনবসতিপূৰ্ণ এলেকা চিনাক্ত কৰি কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদত অন্তভূক্ত হবলগা গাওঁ বা জনসংখ্যা নিৰূপণৰ বাবে সাধাৰণ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷

ইপিনে অহা ৭ জানুৱাৰীত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদে ছহিদ দিৱস পালন কৰাৰ লগতে ধুবুৰী জিলাত অনুষ্ঠিত কৰাৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে ৷ উক্ত ছহিদ দিৱসতে অসম চৰকাৰে কোচ ৰাজবংশীসকলৰ জাতীয় ছহিদলৈ ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰিব বুলিও বৰ্মনে সদৰি কৰে ৷ আনপিনে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত পৰিষদৰ প্ৰতিষ্ঠা দিৱস, চিলাৰায় দিৱস, বিষুৱা উৎসৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ বিষয়ে জানিবলৈ দিয়াৰ লগতে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ প্ৰক্ৰিয়া নব্বৈ শতাংশ হোৱা বুলি উল্লেখ কৰি জনগোষ্ঠীটোক অতি শীঘ্ৰে জনজাতিকৰণ কৰা হব বুলি অসম চৰকাৰে জনোৱা কথা সাংবাদিকৰ আগত অবগত কৰে ৷ আনপিনে উত্তৰ শালমাৰাৰ প্ৰশান্তি ল’জ অস্হায়ী সচিবালয় হিচাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে পৰিষদে ইতিমধ্যে প্ৰধান সচিব লাভ কৰাৰ কথাও উল্লেখ কৰে ৷ আজিৰ সভাখনত মুখ্য পাৰিষদ গোকুল বৰ্মন, অধ্যক্ষ হিতেশ্বৰ বৰ্মন, উপাধ্যক্ষ সুখেন ৰায়, কাৰ্যবাহী পাৰিষদ অতুল ৰায়কে ধৰি সকলো বিষয়ববীয়া উপস্থিত আছিল ৷

উল্লেখ্য যে, বিগত বৰ্ষত গঠন হোৱা পৰিষদখনে যোৱা ২৬ চেপ্তেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা, মন্ত্ৰী ৰনোজ পেগু, ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত পৰিষদখনৰ বিষয়ববীয়া সকলে শপত গ্ৰহণ কৰি যাৱতীয় কাম-কাজ কৰি আহিছিল ৷

প্ৰেৰকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা

You might also like