অভ্যুত্থানবিৰোধী লোকক নৃশংস হত্যা ম্যানমাৰৰ সেনাৰ
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে প্রতিবাদ কৰা সাধাৰণ জনতাৰ ওপৰত ম্যানমাৰৰ সেনাই পাশৱিক নির্যাতন চলাইছে৷ যোৱা ফেব্রুৱাৰী মাহত অভ্যুত্থানৰ জৰিয়তে গণতান্ত্রিক চৰকাৰখনক উৎখাত কৰি সেনাই শাসন কাঢ়ি লোৱাৰ পিছৰে পৰা ম্যানমাৰত চলিছিল নির্বিচাৰ হত্যা৷ শেহতীয়াকৈ সংবাদ সংস্থা বি বি চিৰ অনুসন্ধানত পোহৰলৈ আহিছে শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা৷ যোৱা জুলাই মাহত দেশখনৰ সেনাই নৃশংসভাৱে হত্যা কৰি কমপক্ষেও ৪০গৰাকী লোকৰ মৃতদেহ গণ কবৰত ৰাখিছিল৷
প্রত্যক্ষদর্শীৰ সাক্ষাৎকাৰ লৈ শেহতীয়াকৈ বি বি চিয়ে সদৰী কৰিছে এই তথ্য৷ আনকি ১৭ বছৰীয়া তৰুণকো ৰেহাই দিয়া নাছিল দেশখনৰ সেনাই৷ ভিডি’ ফুটেজ আৰু আলোকচিত্রৰ পৰা বি বি চিয়ে এটা কথা নিশ্চিত কৰিছে যে হত্যা কৰাৰ পূর্বে প্রতিবাদী লোকসকলৰ ওপৰত নৃশংস নির্যাতন চলাইছিল সেনাই৷ ইয়াৰ পিছতে নিহত লোকসকলক সমীপৱর্তী অৰণ্যত গাঁত খান্দি পুতি থৈছিল৷ মধ্য ম্যানমাৰৰ ছাগায়িং জিলাৰ কানি টাউনশ্বিপত চাৰিটাকৈ এনে হত্যাকাণ্ড সংঘটিত কৰিছিল দেশখনৰ বাহিনীয়ে৷ উল্লেখনীয় যে অভ্যুত্থানবিৰোধীৰ প্রতিবাদত অংশগ্রহণ কৰাৰ বাবে দেশখনৰ সেনাই এনে পাশৱিক নির্যাতন চলোৱা বুলি অভিযোগ কৰিছে প্রত্যক্ষদর্শী লোকসকলে৷
বি বি চিয়ে কানিত মুঠ ১১গৰাকী প্রত্যক্ষদর্শীৰ সাক্ষাৎকাৰ লোৱাৰ উপৰি ব্রিটেইনৰ এক স্বেচ্ছাসেৱী সংস্থা ‘ম্যানমাৰ উইটনেছ’ৰ তৰফৰ পৰা সংগ্রহ কৰা হৈছে আলোকচিত্র তথা ম’বাইল ফোনেৰে গ্রহণ কৰা ভিডি’ ফুটেজো৷ লক্ষণীয়ভাৱে য়িন নামৰ গাঁওখনত একেলগে ১৪গৰাকী লোকক নৃশংসভাৱে প্রহাৰ কৰি হত্যা কৰিছিল সেনাই৷ ইতিমধ্যে এই লোকসকলৰ গণ কবৰৰো সন্ধান লাভ কৰিছে বি বি চিয়ে৷ বি বি চিৰ এই প্রতিবেদন প্রকাশ পোৱাৰ লগে লগে ম্যানমাৰত ভয়াৱহ মানৱাধিকাৰ উলংঘনৰ বিষয়টোত বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷