বিশ্বৰ বৃহত্তম জাহাজৰ ৪৮ যাত্রীৰ দেহত ক’ভিড
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ নিৰাপত্তাৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰা সত্ত্বেও বিশ্বৰ বৃহত্তম যাত্রীবাহী জাহাজ ‘দ্য ৰয়েল কেৰিবিয়ান ছিম্ফনিজ অৱ দ্য ছীজ’ ক’ভিডৰ সংক্রমণৰ কবলত পৰিছে৷ জাহাজখনৰ ৪৮জন যাত্রীক ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি সংবাদ মাধ্যমত প্রকাশ পোৱাৰ লগে লগে বিষয়টোক লৈ বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ৷ অৱশ্যে গভীৰ আক্রান্ত যাত্রীসকলৰ মাজত কোনোবা অমিক্রন ভেৰিয়েণ্টৰ দ্বাৰা আক্রান্ত হৈছেনে নাই সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই৷ দেওবাৰে ছয় হাজাৰ যাত্রী কঢ়িয়াই লৈ বিশ্বৰ এই বৃহত্তম জাহাজখনে লংগৰ পেলাইছিল মিয়ামীৰ বন্দৰত৷ ৰয়েল কেৰিবিয়ানৰ তৰফৰ পৰা ৪৮গৰাকী যাত্রী ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি এক বিবৃতিত সদৰী কৰা হৈছে৷