প্রতি দুবছৰৰ মূৰে মূৰে বিশ্বকাপ ফুটবল প্রতিযোগিতাঃ ৩৩ হাজাৰ কোটি টকাৰ লাভৰ অংক ফিফাৰ
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ প্রতি দুবছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ আয়োজনৰ চিন্তা–চর্চা কৰিছে বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই৷ প্রচুৰ আর্থিক লাভালাভৰ প্রতি লক্ষ্য ৰাখি ফিফাই এই সিদ্ধান্ত একপ্রকাৰ চূড়ান্ত কৰিছে৷ ফিফাৰ সভাপতি জিয়ানি ইনফানণ্টিনোই এই বহু বিতর্কিত পৰিকল্পনাক কার্যকৰী কৰিবলৈ বিশ্ব সমুদায়ৰ সমর্থন আদায়ৰ চেষ্টা আৰম্ভ কৰিছে৷ অৱশ্যে ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহে ফিফাৰ এই পৰিকল্পনাৰ তীব্র প্রতিবাদ জনাইছে৷ চাৰি বছৰৰ পৰিৱর্তে দুবছৰৰ মূৰে মূৰে বিশ্বকাপ অনুষ্ঠিত হ’লে ঐতিহ্যমণ্ডিত প্রতিযোগিতাখনৰ আকর্ষণ আৰু গৰিমা হ্রাস পাব বুলি ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহে যুক্তি দর্শাইছে৷ দুবছৰৰ মূৰত বিশ্বকাপ অনুষ্ঠিত হ’লে ২২,৬৭৫ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হ’ব বুলি আশংকা প্রকাশ কৰিছে উৱেফাই৷ কিন্তু বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই শেহতীয়াকৈ এক সমীক্ষা চলাই এই তথ্য লাভ কৰিছে যে দুবছৰৰ মূৰত বিশ্বকাপ অনুষ্ঠিত হ’লে বিশ্ব ফুটবলৰ অর্থনীতি সলনি হৈ যাব৷
ইয়াৰ ফলত ফিফাই চাৰি বছৰৰ ভিতৰত প্রায় ৩৩,২৫৫ কোটি টকা মুনাফা উপার্জন কৰিব পাৰিব বুলি সভাপতি ইনফানণ্টিনোই সদৰী কৰিছে৷ ফিফাই সোমবাৰে ২০৭গৰাকী সদস্যৰ মাজত আয়োজিত এক বৈঠকত প্রকাশ কৰে যে দুবছৰৰ মূৰত বিশ্বকাপ আয়োজন কৰি তেওঁলোকে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্রহ কৰিব পাৰিব আৰু প্রতিখন সদস্য ৰাষ্ট্রক ১৪৩ কোটি টকাকৈ আদায় দিব পাৰিব৷ এই বৃহৎ ধনৰাশিৰ সহায়ত সমগ্র বিশ্বৰ ফুটবল আন্তঃগাঁথনিৰ ৰূপৰেখা সলনি হ’ব বুলি ফিফাই আশা প্রকাশ কৰিছে৷