নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যবাসীৰ বাবে সুখবৰঃ দেশৰ প্রথমটো গ্রীন হাইড্র’জেন প্রকল্প স্থাপনৰ কাম অসমত আৰম্ভ

যোৰহাটত হ’ব অইলৰ প্রথম পাইলট প্রকল্প ১০০ কিলোৱাটৰ প্রকল্পটোৰে উৎপাদন হ’ব স্বচ্ছ ইন্ধন

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ দেশৰ শক্তিখণ্ডত এক বৈপ্লৱিক যুগৰ সূচনাৰ সাক্ষী হৈ ৰ’ব অসম৷ তেল আৰু প্রাকৃতিক গেছ উৎপাদনকাৰী ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান অহল ইণ্ডিয়া লিমিটেডৰ (অহল) সৌজন্যত দেশৰ ভিতৰত প্রথম অভিলাষী হাহড্র’জেন প্লাণ্ট স্থাপন হ’ব অসমত৷ মাত্র ১০০ কিলোৱাটৰ এটা সৰু খোজ অথচ বিশ্বব্যাপী জলবায়ু উষতা প্রতিৰোধৰ অর্থে স্বচ্ছ ইন্ধনৰ দিশে এয়া এক মানৱীয় খোজ হ’ব পাৰে৷ বাস্তৱত যোৰহাটৰ ৩নং পাম্পিং ষ্টেচনত অহলে পাহলট প্রকল্প হিচাপে ১০০ কিলোৱাটৰ যি গ্রীন হাহড্র’জেন প্লাণ্ট স্থাপনৰ নীতিগত সিদ্ধান্তত উপনীত হৈছে, সেয়া হ’বগৈ দেশৰ ভিতৰত প্রথমটো স্বচ্ছ হাহড্র’জেন প্রকল্প৷ দেশৰ ভিতৰত প্রথমবাৰৰ বাবে অহলৰ যোৰহাটৰ পাম্পত এনিয়ন এক্সচেঞ্জ মেমব্রেন (এ ই এম) প্রযুক্তিৰ জৰিয়তে স্বচ্ছ হন্ধন উৎপাদন কৰা হ’ব৷

প্রকল্পটোৰ বাবে অহলে হতিমধ্যে প্রৰম্ভিক কাম–কাজ আৰম্ভ কৰিছে আৰু বৃহস্পতিবাৰে যোৰহাটত ভূমি পূজনৰ অনুষ্ঠানো সম্পন্ন হৈছে৷ অহলৰ হৈ প্রকল্প সঞ্চালক পংকজ কুমাৰ গোস্বামীয়ে আজি এক বিবৃতিযোগে এহ কথা জানিবলৈ দিছে৷ বিবৃতিটোৰ তথ্য অনুসৰি হলেক্ট্র’লাহজাৰ নির্ভৰ এ হ এম প্রযুক্তিয়ে আপেক্ষিকভাৱে যথেষ্ট কম ব্যয়সাপেক্ষ তথা উচ্চ ক্ষমতাসম্পন্ন হাহড্র’জেন হন্ধনৰ যোগান দিয়ে, যি ভূগর্ভৰ পৰা তেল আহৰণৰ বাবে প্রয়োজনীয় শক্তিৰ যোগান ধৰিবলৈ যথেষ্ট৷

তদুপৰি প্রাকৃতিক গেছৰ সৈতে উৎপাদিত হাহড্র’জেন ব্যৱহাৰ কৰিব পাৰিলে হন্ধন আৰু স্বচ্ছতৰ হ’ব পাৰিব, যি প্রকৃতিৰ ভাৰসাম্য ৰক্ষার্থে সহায় কৰিব৷ অহলৰ মতে যোৰহাটত স্থাপন কৰিবলগীয়া হাহড্র’জেন প্লাণ্টটোক পাহলট প্রকল্প হিচাপে লোৱা হৈছে যদিও এয়া হ’ব ৰাষ্ট্রীয় সংস্থাটোৰ বাবে এটা অভিলাষী প্রকল্প৷ স্বচ্ছ হন্ধন তথা শক্তি যোগান ধৰাৰ ক্ষেত্রত নীতিগতভাৱে অহল এটা দায়বদ্ধ কোম্পানী বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে৷

মন কৰিবলগীয়া যে চলিত বছৰৰ সাধাৰণ বাজেটত বিত্তমন্ত্রী নির্মলা সীতাৰমণে ‘নেচনেল হাহড্র’জেন মিছন’ৰ কথা ঘোষণা কৰিছিল৷ কাৰণ পেৰিছ এগ্রিমেণ্ট (কপ–২১) অনুসৰি ২০৩০ চনৰ ভিতৰত ভাৰতে গ্রীন হাউছ এমিছনছ ৩৩–৩৫ শতাংশলৈ হ্রাস কৰিবলৈ প্রতিশ্রুতিবদ্ধ হৈ আছে৷ এহক্ষেত্রত দেশৰ ভিতৰত প্রথমবাৰৰ বাবে অহলে অসমত যি হাহড্র’জেন প্লাণ্ট স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে, সেয়া যুগান্তকাৰী পদেক্ষপ হ’ব পাৰে৷

You might also like