আজিৰে পৰা ১২ দিনীয়া অসম গ্রন্থমেলা
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত আজিৰে পৰা চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা৷ এই গ্রন্থমেলাত প্রায় ডেৰশটা প্রতিষ্ঠানে অংশগ্রহণ কৰিব৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ উপৰি দিল্লী, কলকাতা আৰু ঢ়াকাৰ প্রকাশকে গ্রন্থমেলাত ভাগ ল’ব৷ এই কথা সদৰী কৰিছে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই৷ গ্রন্থমেলাৰ বাকৰিত এখন সংবাদ মেলত কলিতাই কয় যে ক’ভিড পৰিস্থিতিৰ বাবে সৃষ্টি হোৱা সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰ গুৱাহাটী গ্রন্থমেলা আৰু উত্তৰ–পূব গ্রন্থমেলা একেলগে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সর্ম্পূৰূপে ক’ভিড প্রট’কল মানি এই গ্রন্থমেলা অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰি সচিবগৰাকীয়ে জনোৱা অনুসৰি, এইবাৰ গ্রন্থমেলাৰ প্রৱেশ মূল্য হ’ব ১০ টকা৷ অৱশ্যে শিক্ষার্থীৰ বাবে বিদ্যালয়ৰ ইউনিফর্মত আহিলে এই প্রৱেশ মূল্য ৰেহাই দিয়া হ’ব৷ তদুপৰি এইবাৰ প্রদান কৰা হ’ব বিশেষ ছিজন টিকট৷ এই টিকট ১০০ টকাত ক্রয় কৰিব পাৰিব আৰু গ্রন্থমেলাৰ আটাইকেইটা দিনত দুজন ব্যক্তিয়ে এই টিকটত প্রৱেশ কৰিব পাৰিব৷ দিনৰ ১১ বজাৰ পৰা নিশা ৮ বজালৈ মুকলি থাকিব গ্রন্থমেলা৷
উল্লেখ্য যে আজি বিয়লি তিনি বজাত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানতে প্রদান কৰা হ’ব প্রকাশন পৰিষদ সাহিত্য বঁটা৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব৷ বিশিষ্ট লেখক–প্রকাশক লীলাধৰ মাণ্ডলইক উদ্বোধনী অনুষ্ঠানত অংশগ্রহণৰ বাবে আমন্ত্রণ জনোৱা হৈছে যদিও আজিপর্যন্ত তেওঁৰ অংশগ্রহণ নিশ্চিত হোৱা নাই বুলি সদৰী কৰিছে প্রমোদ কলিতাই৷ গ্রন্থমেলাৰ আটাইকেইটা দিনতে অনুষ্ঠিত হ’ব কেইবাখনো গ্রন্থ উন্মোচন কার্যসূচীৰ লগতে গুৰুত্বপূর্ণ আলোচনা–চক্র আদি৷ তদুপৰি জ্ঞানপীঠ বঁটাৰে সন্মানিত কবি নীলমণি ফুকনক ৩০ ডিচেম্বৰত সম্বর্ধনা জ্ঞাপন কৰা হ’ব৷ তদুপৰি ৩১ ডিচেম্বৰৰ বিয়লি ২ বজাত আসাম বিলাসিনী কাকত প্রকাশৰ ডেৰশ বছৰ উপলক্ষে বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ সেইদৰে ১ জানুৱাৰীত অনুষ্ঠিত হ’ব যুৱ লেখকৰ সাহিত্যানুষ্ঠান৷ ২ জানুৱাৰীত সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ প্রাক্তন সভাপতি গিৰিপদ দেৱ চৌধুৰীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে৷ সামৰণী অনুষ্ঠানত উপস্থিত থাকিব ২০২০ বর্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত সাহিত্যিক দামোদৰ মাউজো৷ আজিৰ সংবাদ মেলত সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি ইমৰান আহমেদ আৰু সাধাৰণ সম্পাদক ধীৰাজ কুমাৰ গোস্বামী উপস্থিত থাকে৷