নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তর্গত নয়াবস্তিত এজন আছু কর্মীৰ মৃতদেহ বুধবাৰে ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নয়াবস্তিৰ কপিল তালুকদাৰ নামৰ আছু কর্মীজনে মঙলবাৰে প্রেমিকাৰ সৈতে বাক্সা চৌকীলৈ বনভোজ খোৱাৰ উদ্দেশ্যে গৈছিল৷ কিন্তু তাৰ পৰা ঘূৰি অহাৰ পিছত কপিল তালুকদাৰ শুংসূত্রহীন হৈ পৰে৷ পৰিয়ালৰ লোকে বিচাৰ–খোঁচাৰ কৰিও তেওঁৰ কোনো সন্ধান নাপালে৷ কিন্তু তাৰ মাজতে বুধবাৰে পুৱা নয়াবস্তিৰ আশ্রাবাৰীত এডাল বগৰী গছত চিপ লৈ থকা অৱস্থাত আছু কর্মীজনৰ মৃতদেহ উদ্ধাৰ হয়৷ লক্ষণীয়ভাৱে চিপ লোৱা কপিল তালুকদাৰৰ দুই ভৰি সম্পূর্ণৰূপে মাটিত লাগি আছিল৷ তালৈ চাই যুৱকজনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ তুলিছে পৰিয়াল আৰু স্থানীয় ৰাইজে৷ বাগানপাৰা আঞ্চলিক ছাত্র সন্থাৰ নেতৃবৃন্দয়ো অনুৰূপ অভিযোগ উত্থাপন কৰিছে৷
ইফালে, মঙলবাৰে বনভোজ খাবলৈ যোৱাৰ সময়ৰে বাক্সা চৌকীত প্রেমিকাসহ কপিল তালুকদাৰক স্থানীয় এনজি’ৰ কর্মীয়ে আবদ্ধ কৰি ৰাখিছিল৷ পৰৱর্তী সময়ত এনজি’ৰ তৰফৰ পৰা প্রেমিকাৰ পৰিয়ালক এই বিষয়ে খবৰ দিয়াত দুয়োকে চমজি লৈ আনে৷ প্রেমিকাৰ পিতৃয়ে নিজ কন্যাক নিজ ঘৰলৈ লৈ যোৱাৰ বিপৰীতে কপিল তালুকদাৰক বাটতে এৰি যায়৷ প্রেমিকাৰ পৰিয়ালে পৰিকল্পিতভাৱে কপিল তালুকদাৰক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ কৰি বাগানপাৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে আছু নেতাজনৰ পৰিয়ালে৷ ধমধমা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষৰ ছাত্র কপিল তালুকদাৰৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে বাগানপাৰা আঞ্চলিক ছাত্র সন্থাই৷ ইতিমধ্যে ঘটনাস্থলীত বাগানপাৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যাৰ ঘটনা৷ এইপর্যন্ত আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই৷