২০২১ বৰ্ষত নগাঁও আৰক্ষীৰ নিৰন্তৰ অভিযানঃ ২৮ কোটি টকাৰ মূল্যৰ হিৰইন জব্দ; ৫৫৫ জনক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা , ৩০ ডিচেম্বৰ: নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ ব্যবসায়কে ধৰি বিভিন্ন অপৰাধ জনিত ঘটনাৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে । ৰাজ্যৰ মূখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নগাঁও আৰক্ষীয়ে ধাৰাবাহিক অভিযানৰ সময়ত আশাতীত সফলতা লাভ কৰিবলৈ সক্ষম হয় । এই অভিযানৰ সময়ত বৃহৎ পৰিমানৰ ড্ৰাগছ , মাৰানাস্ত্ৰকে ধৰি অপত্তি জনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । আজি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমকজানিবলৈ দিয়ে যে ইতিমধ্যে ড্ৰাগছ সংক্ৰান্তীয় গোচৰত ৫৫৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে।এই সংক্ৰান্তত ২৫৮ টা গোচৰ ৰুজু হৈছে।ইয়াৰ ভিতৰত ২৩০ টা গোচৰৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে।আৰক্ষীয়ে এই সময়ছোৱাত প্ৰায় ৪ কিলোগ্ৰাম হেৰইন জব্দ কৰিছে।জব্দকৃত হেৰইনখিনিৰ মূল্য প্ৰায় ২৮ কোটি টকা।তদুপৰি ৩৩০ কিলোগ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে।জব্দ কৰা ব্ৰাউন চুগাৰৰ মূল্য প্ৰায় ৩ কোটি টকা।২০৪ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে।নগাঁও আৰক্ষীয়ে ৪ লাখ ১৯ হাজাৰ নিচাযুক্ত কেপচুল জব্দ কৰাৰ লগতে ১৪ হাজাৰ ৫৩৭ বটল কফ চিৰাফ জব্দ কৰিছে।ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে ৮লাখ ৬১ হাজাৰ ৬৬১ টকা নগদ ধন জব্দ কৰিছে।ইয়াৰোপৰি ৫৫৬ খন গাড়ী জব্দ কৰিছে।এই সময়খিনিত আৰক্ষীয়ে উত্তৰ পূৰ্বাঞ্চলৰ কুখ্যাত ড্ৰাগছ মাফিয়া আৰ কে হপকিঞ্চনক গ্ৰেপ্তাৰ কৰিছিল।অসমৰ ভিতৰত নগাঁও জিলাতে প্ৰথমটো এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছিল।আৰক্ষীৰ গুলীত আহত হৈছিল মনচুৰ আলী নামৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়া।যোৱা ২৯ মে’ত এই ঘটনা সংঘটিত হৈছিল।এই দুইটা অভিযান নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত হৈছিল।আৰক্ষীয়ে মনচূৰ আলীৰ পৰা পিষ্টল আৰু চাৰি বাকচ হেৰইন জব্দ কৰিছিল।তদুপৰি ১১ টা এনকাউন্টাৰৰ ঘটনা বিগত সময়ছোৱাত নগাঁও আৰক্ষীৰ দ্বাৰা সংঘটিত হৈছে।অন্যহাতেদি নগাঁও আৰক্ষীয়ে এটা বছৰত ১০৭৮ টা চোৰাংভাবে সৰবৰাহ কৰিব বিচৰা গৰু,৭৮ খন গাড়ী জব্দ কৰে।গৰু চোৰাং ব্যৱসায়ৰ লগত জড়িত ১৭৬ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।এই সম্পৰ্কত ৪৯ টা গোচৰ ৰুজু হৈছে।একেদৰে নগাঁও আৰক্ষীয়ে ২০২১ বৰ্ষত ১৯ টা আগ্নেয়াস্ত্ৰ (ৰাইফল/পিষ্টল),৬৬ ৰাউণ্ড গুলী জব্দ কৰিছে।অপৰাধজনিত ঘটনাৰ লগত জড়িত ৬০ জশ লোকক গ্ৰেপ্তাৰ কৰিছে।ইয়াৰে ৩৮ জন ডকাইতিৰ ঘটনাৰ লগত জড়িত।এই সম্পৰ্কত ৩৬ টা গোচৰ ৰুজু হৈছে।নগাঁও আৰক্ষীয়ে আজি পৰ্যন্ত যানবাহন আইন নমনা লোকৰ পৰা ১ কোটি ১৫ লাখ ৭৪ হাজাৰ টকা জৰিমনা হিচাপে সংগ্ৰহ কৰিছে।১৫ খন চুৰি গাড়ী-মটৰচাইকেল উদ্ধাৰ কৰিছে।উল্লেখযোগ্য যে ২০২১ বৰ্ষত নগাঁও জিলা আৰক্ষীৰ এলেকাত এটাও গঁড় হত্যা,গঁড় চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই।বৰঞ্চ আৰক্ষীয়ে জনথান ওৰফে থানবয় নামৰ এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।ইয়াৰ উপৰিও নগাঁও আৰক্ষীয়ে ২০২১ বৰ্ষত পইচা বনোৱা মেচিন,নকল টকা,নকল সোণ আদিও জব্দ কৰিবলৈ সক্ষম হৈছিল।নগাঁও আৰক্ষীয়ে ২০২১ বৰ্ষত ১৩৬ টা চুৰি হোৱা মবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি এই সময়চোৱাৰ ভিতৰত নগাঁও আৰক্ষীয়ে বহু কেইজন মাটিৰ দালাল , ভূ-মাফিয়া , সুদখোৰ ব্যবসায়ী , নাৰী দেহৰ ব্যবসায়ীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও কেবাটাও নাৰী দেহৰ ব্যবসায় ঘাটি উৎখাত কৰাৰ লগতে চোৰাং গৰু সৰবৰাহ , অবৈধ কয়লা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা অৰ্জন কৰিছে ।