ছাংহাইত বিশ্বৰ বৃহত্তম মেট্র’ ৰে’ল নেটৱর্ক
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ চীনৰ ছাংহাইত মুকলি কৰা হৈছে বিশ্বৰ বৃহত্তম মেট্র’ ৰে’ল নেটৱর্ক৷ বিশ্বৰ ভিতৰতে মেট্র’ ৰে’লসেৱাৰ ক্ষেত্রত আটাইতকৈ ব্যস্ততাপূর্ণ চহৰ হিচাপে চিহ্ণিত হৈ আহিছে ছাংহাই৷ শেহতীয়াকৈ ছাংহাইত চালকবিহীন দুটা মেট্র’ ৰে’লপথ মুকলি কৰা হৈছে৷ এই ৰে’লপথ দুটা হৈছে লাইন ১৪ আৰু লাইন ১৮ৰ প্রথম ফেজ৷ স্মর্তব্য যে এই নতুন পথ দুটা মুকলি কৰাৰ লগে লগে ছাংহাইৰ মেট্র’ ৰে’লপথৰ মুঠ দৈর্ঘ্য বৃদ্ধি পাইছে ৮৩১ কিলোমিটাৰলৈ৷ ইফালে, চালকবিহীন মেট্র’ ৰে’ললাইনৰ সংখ্যা ছাংহাইত বৃদ্ধি পাইছে পাঁচটালৈকে৷ ছাংহাই চহৰত মেট্র’ ৰে’ল ষ্টেচনৰ মুঠ সংখ্যা হৈছে ৫০৮৷