ৰাণীত ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ স্বচ্ছতা অভিযান

বিশেষ বাৰ্তা, ১ অক্টোবৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত ৰাণী মণ্ডলত পশ্চিম গুৱাহাটী মহাবিদ্যালয় তথা ধাৰাপুৰ বজাৰ গৃহত ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত, গুৱাহাটী মহানগৰ জিলা বিজেপি তথা গুৱাহাটী মহানগৰ জিলা কৃষক মৰ্চাৰ সহযোগত স্বচ্ছতা অভিযান চলোৱা হয় । কৃষক মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি উৎপল বৰাৰ নেতৃত্বত চলা এই স্বচ্ছতা অভিযানত অংশ লয় কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়া তথা জিলা কৃষক মৰ্চাৰ বিষয়ববীয়াসকলে আৰু স্থানীয় কিছু লোকে। এই কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি বৰা, কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ক্ৰমে ৰঞ্জিত ভট্টাচাৰ্য্য, নিবাৰণ লহকৰ, ভাস্কৰ হাজৰিকা, গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি তপন দাস, জিলা কৃষক মৰ্চাৰ সভাপতি সঞ্জীৱ সমৰ ডেকা, ৰাজ্যিক কৃষক মৰ্চাৰ সঞ্জীৱ বৰা, অসমী বৰা, হৃষীকেশ কলিতা, দীনেশ দাস, কাবেন্দ্ৰ ডেকা প্ৰমুখ্যে জিলা, মণ্ডল আৰু বুথৰ কাৰ্যকর্তাসকল উপস্থিত থাকে।

Featured