নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুত শোকাৱহ পথ দুর্ঘটনাত ৯ পর্যটকৰ প্রাণহানি

🔹 ১০০ ফুট গভীৰ খাৱৈত পৰিল বাছ

বিশেষ বাৰ্তা, ১ অক্টোবৰ : তামিলনাডুত নীলগিৰিছ জিলাত সংঘটিত শোকাৱহ পথ দুর্ঘটনাত কমপক্ষেও ৯গৰাকী পর্যটক নিহত হোৱাৰ উপৰি অন্য কেইবাজনো গুৰুতৰভাৱে আহত হৈছে৷ কালি নিশা নীলগিৰি জিলাৰ কুনোৰৰ সমীপত উটিৰ পৰা টেনকাছি অভিমুখে ৬০গৰাকী পর্যটকক লৈ যাত্রা কৰা বাছখন দুর্ঘটনাত পতিত হয়৷ ১০০ফুট গভীৰ এটা খাৱৈত বাছখন বাগৰি পৰে৷ বাছখনৰ চালকে নিয়ন্ত্রণ হেৰুওৱাৰ ফলতেই এই দুর্ঘটনা সংঘটিত হয় বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ এই দুর্ঘটনাক লৈ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দুর্ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ এককালীন সাহায্য হিচাপে ২ লাখকৈ টকা ঘোষণা কৰিছে মোদীয়ে৷ ইয়াৰ উপৰি আহত লোকসকলৰ চিকিৎসা সাহায্যৰ বাবে ৫০ হাজাৰ টকাকৈ ঘোষণা কৰা হৈছে৷ আহত লোকসকলক উটি আৰু কইম্বাটোৰৰ হাস্পতালত ভর্তি কৰা হৈছে৷ আহত লোকসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি সদৰী কৰিছে হাস্পতালৰ সূত্রই৷

You might also like