কিতাপৰ লাইব্রেৰী দেখি আহিছিলোঁ, কিন্তু টকাৰ লাইব্রেৰী দেখা নাছিলোঁ

🔹 কংগ্রেছী সাংসদৰ ঘৰত ৩০০ কোটি জব্দক লৈ আক্রমণাত্মক ভৱেশ কলিতা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ডিচেম্বৰ : ঝাৰখণ্ডৰ কংগ্রেছী সাংসদ ধীৰাজ চাহুৰ বাসগৃহত নগদ ৩০০ কোটি টকা উদ্ধাৰৰ ঘটনাক লৈ দেশজুৰি চাঞ্চল্য সৃষ্টি হোৱাৰ সময়তে আজি এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্রান্তত সৰৱ হৈ পৰিল ৰাজ্যিক বিজেপি ৷ কংগ্রেছৰ ভ্রষ্টাচাৰ স্পষ্ট ৰূপত ওলাই পৰা বুলি মন্তব্য কৰি বিজেপি কর্মী–সমর্থকসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ আনহাতে, কংগ্রেছী সাংসদ এগৰাকীৰ ঘৰত এনেদৰে টকাৰ বাণ্ডিল উদ্ধাৰ হোৱা ঘটনাক লৈ প্রতিক্রিয়া প্রকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ কংগ্রেছৰ বিৰুদ্ধে সৰৱ হৈ পৰা বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য– আমি ইমানদিনে কিতাপৰ লাইব্রেৰী দেখি আহিছিলোঁ৷ কিন্তু টকাৰ লাইব্রেৰী দেখা নাছিলোঁ ৷ কংগ্রেছে এনেদৰে দেশখন লুটি আহিছে৷ এই টকা ক’ৰ পৰা আহিছে, ইয়াৰ উত্তৰ দিব লাগিব কংগ্রেছে৷ বশিষ্ঠস্থিত দলৰ মুখ্য কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতিজনে কয় যে সকলো ক্ষেত্রতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰৰ জেৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা কংগ্রেছে উদ্ধাৰ হোৱা এই অবৈধ ধনৰ সৈতে দলটোৰ সম্পর্ক যে আছে, সেয়া গাপ দিবলৈ বিচাৰিছে৷ এই ঘটনাক আমি ধিক্কাৰ দিছোঁ আৰু কংগ্রেছী সাংসদজনক অধিক জেৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ৷ সংবাদ মেলত ৰাজ্যিক বিজেপিৰ সভাপতিজনে ইয়াকো কয় যে কংগ্রেছে সদায় নিজৰ পকেটৰ কথা চিন্তা কৰে৷ মাষ্টাৰ ট্রেইনাৰ হিচাপে কংগ্রেছে বিধায়ক–সাংসদ আৰু জনতাক ক্রয় কৰিবলৈ এই অবৈধ ধন লগত ৰাখিছিল৷ এনেকুৱা ভ্রষ্টাচাৰী আৰু দুর্নীতিগ্রস্ত দলক লোকসভাত ৰাইজে যে শিক্ষা দিব, সেয়া নিশ্চিত ৷ নৰেন্দ্র মোদী তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী পদত যে অধিষ্ঠিত হ’ব, সেয়াও ১০০ শতাংশই শুদ্ধ ৷ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ কংগ্রেছক বাহিৰৰ শক্তিয়ে ধন যোগান ধৰা বুলি উত্থাপিত অভিযোগ ইয়াৰ দ্বাৰা প্রমাণিত হৈছে বুলি কয় ৷ আনহাতে, ইণ্ডি এলায়েন্সক সমালোচনা কৰি সভাপতি কলিতাই কয় যে তেওঁলোকক ক্ষমতা লাগে একমাত্র ৰাইজক শোষণ কৰিবলৈহে৷ কিন্তু জনতাই শোষণ কৰিবলৈ কেতিয়াও ক্ষমতা প্রদান নকৰে৷ সেয়েহে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ৰাইজে ক্ষমতাত বহুৱাইছে৷ আজি সংবাদ মেলত মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটা, সংবাদ বিভাগৰ আহ্বায়ক ধ্রুৱজ্যোতি দেৱান মৰলো উপস্থিত আছিল৷

Featured