নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ ডায়েৰী–২, মুখ্যমন্ত্রীৰ বক্তৃতা সংকলন–২ শীর্ষক গ্রন্থ উন্মোচন ৰাজ্যপাল কাটাৰিয়াৰ

🔹 লোকসেৱা ভৱনত গ্রন্থ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ডিচেম্বৰ : ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ মুখ্যমন্ত্রীৰ দায়িত্ব লাভ কৰি বিভিন্ন সভা–সমিতি, বিভিন্ন দৃষ্টিকোণৰ পৰা জনসাধাৰণক উদ্দেশ্যি প্রদান কৰা বক্তৃতাসমূহৰ সংকলনেৰে প্রকাশ কৰি উলিওৱা ‘মুখ্যমন্ত্রীৰ বক্তৃতা সংকলন–২’ আৰু প্রতিদিনৰ দিনলিপিৰ দ্বিতীয়খন সংকলন ‘মুখ্যমন্ত্রীৰ ডায়েৰী–২’ শীর্ষক গ্রন্থ দুখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই৷ মুখ্যমন্ত্রী হিচাপে প্রদান কৰা বিভিন্ন বক্তৃতাৰ প্রথমখন সংকলনে ইতিমধ্যে যথেষ্ট জনপ্রিয়তা অর্জন কৰাৰ পিছত আজি তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত প্রকাশ কৰা হয় দ্বিতীয়খন সংকলন ৷ এই উন্মোচনী সভাতেই মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– এই গ্রন্থত ড০ হিমন্ত বিশ্ব শর্মাক বিচাৰি নাপাব, থাকিব কেৱল মুখ্যমন্ত্রীৰ কর্মৰ বিন্যাস৷ লোকসেৱা ভৱনত আজি এক বিশেষ অনুষ্ঠানত এই দুখন গ্রন্থৰ লগতে পূর্বে প্রকাশিত ‘অন্য এক দৃষ্টিকোণ’ৰ উড়িয়া ভাষালৈ অনূদিত গ্রন্থখনৰ লগতে মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা ধ্ৰুৱ মহন্তৰ ‘কিমান সুৰক্ষিত জাতিৰ ভৱিষ্যৎ’ শীর্ষক গ্রন্থখনো আজি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উল্লেখ্য যে মুখ্যমন্ত্রীৰ বক্তৃতা সংকলনত বিগত সময়ছোৱাত ড০ শর্মাই বিভিন্ন সময়ত প্রদান কৰা বক্তৃতাৰ ৬৫টা বক্তৃতা একত্রিত কৰি প্রকাশ কৰি উলিওৱা হৈছে৷ এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত আজি অনুষ্ঠিত গ্রন্থ উন্মোচনী সভাখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– মুখ্যমন্ত্রী হিচাপে থকা সীমাবদ্ধতাৰ পাছতো প্রতিটো কামৰ ক্ষেত্রত দি যোৱা এটা ধাৰণাৰ ওপৰত প্রতিটো দিনৰ কার্যসূচী প্রকাশ কৰি উলিওৱা মুখ্যমন্ত্রীৰ ডায়েৰীখন পূর্ণাংগ নহয়৷ কিয়নো, বিভিন্ন সময়ত একাংশ ব্যক্তিক সাক্ষাৎ কৰা বা চমু কার্যসূচীত অংশ লোৱা বিষয়সমূহ এই ডায়েৰীত উল্লেখ কৰিব পৰা হোৱা নাই৷ বহু তথ্য মোৰ সন্মুখলৈ আহিছিল যদিও এয়া লিখিব পৰা নাই৷ সীমাবদ্ধতাৰ মাজতো প্রতিটো দিন কিদৰে কর্মব্যস্ততাৰে পাৰ কৰা হৈছিল, তাক ডায়েৰীৰ মাজেৰে ধৰি ৰখাৰ চেষ্টা কৰা হৈছে মুখ্যমন্ত্রীৰ ডায়েৰীত৷ ডায়েৰীখন কোনো ব্যক্তিগত লোকৰ কথা নহয়৷ ডায়েৰীখনত ড০ হিমন্ত বিশ্ব শর্মাৰ ডায়েৰী বুলি উল্লেখ নকৰি মুখ্যমন্ত্রীৰ ডায়েৰী বুলিহে উল্লেখ কৰা হৈছে৷ মোৰ ব্যক্তিগত জীৱন, ৰাজনৈতিক জীৱন আদি কথাৰ পৰা আঁতৰি থাকি কেৱল মুখ্যমন্ত্রী হিচাপে মোৰ যি দায়িত্ব, তাকহে উল্লেখ কৰা হৈছে৷ মোৰ ব্যক্তিগত ডায়েৰী এতিয়াও মই প্রস্তুত কৰা নাই৷ কেতিয়াবালৈ ইয়াক গ্রন্থ আকাৰত প্রকাশ কৰিম, সেয়া পৰৱর্তী সময়ৰ কথা৷ কিন্তু মুখ্যমন্ত্রীৰ ডায়েৰীখনত কেৱল এগৰাকী মুখ্যমন্ত্রী হিচাপে কৰি যোৱা দায়িত্বসমূহ উল্লেখ কৰা হৈছে৷

ইয়াৰ পূর্বে প্রকাশ হোৱা প্রথমখন সংকলনক বহু লোকে আদৰি লৈছিল৷ প্রায় ১০ হাজাৰখন কিতাপ বিক্রী হৈছিল৷ ইয়াৰ সমুদায় ধন মই মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছিলোঁ৷ মই আশা কৰিছোঁ বিগত বর্ষত প্রকাশ হোৱা মুখ্যমন্ত্রীৰ ডায়েৰীৰ প্রথমখন সংকলনৰ দৰে এইবাৰো দ্বিতীয়খন সংকলন ৰাইজে আদৰি ল’ব আৰু গ্রন্থখন পঢ়ি–শুনি এই বিষয়ে মতামত আগবঢ়াব৷ আনহাতে, মুখ্যমন্ত্রীৰ বক্তৃতা সংকলন–২ গ্রন্থখন সন্দর্ভত ড০ শর্মাই তেওঁৰ ভাষণত কয় যে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই তেওঁৰ মুখ্যমন্ত্রিত্বৰ কালছোৱাত প্রদান কৰা ভাষণসমূহ যিদৰে সংকলিত ৰূপত প্রকাশ হৈছিল পৰৱর্তী সময়ত কিন্তু বা তাৰ আগতো অসমৰ মুখ্যমন্ত্রীসকলে বিভিন্ন সভা–সমিতিত প্রদান কৰা ভাষণসমূহৰ সংকলন প্রকাশ হোৱা নাই৷ বহু সময়ত প্রাক্তন মুখ্যমন্ত্রীসকলে চৰকাৰী নীতি তথা সেই সময়ৰ পৰিৱেশৰ ওপৰত তেওঁৰ ভাষণত যি সমল দিছিল, সেই সমলসমূহ সংকলিত ৰূপত প্রকাশ নোহোৱা বাবেই আমি সেই সমলসমূহ হেৰুৱাব লগা হৈছে৷ মুখ্যমন্ত্রীসকলৰ ভাষণসমূহ লিপিবদ্ধ কৰি ৰখাৰ যি এক পৰম্পৰা আছিল, সেই পৰম্পৰাক ধৰি ৰখাৰ বাবেই আমি মুখ্যমন্ত্রীৰ ভাষণসমূহ সংকলিত ৰূপত প্রকাশ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ পূর্বৰ মুখ্যমন্ত্রীৰ ভাষণসমূহ লিপিবদ্ধ হৈ থাকিলে ইতিহাসৰ সমল হ’লহেঁতেন৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত মন্ত্ৰী পীয়ূষ হাজৰিকাও উপস্থিত থাকে।

You might also like