নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াৰ চিৰাপট্টিত ৰহস্যজনক বিস্ফোৰণ, আহত তিনি

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : আজি দিনৰ প্ৰায় চাৰি বজাত বাণিজ্যিক চহৰ তিনিচুকীয়াৰ চিৰাপট্টিত এক ৰহস্যজনক বিস্ফোৰণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৷ উক্ত বিস্ফোৰণটোত তিনিজন লোক আহত হয় যদিও এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত তিনিগৰাকী ক্ৰমে দুৰ্গা বাহাদুৰ ছেত্ৰী, সুমন বাৰ্লা আৰু কমল পাল ৷ বিস্ফোৰণটোত উক্ত প্ৰতিষ্ঠানৰ ৰান্ধনী বাহাদুৰ চাৰিআলিৰ দুৰ্গা বাহাদুৰ ছেত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আৰু ক্ষেত্ৰ অভিযন্তা চিৰাপট্টিৰ সুমন বাৰ্লা আৰু সহায়ক শিৱসাগৰৰ কমল পাল কম-বেছি পৰিমাণে আহত হৈছে৷ তিনিওকে ততাতৈয়াকৈ স্থানীয় লোকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও আঘাত গুৰুতৰ হোৱা হেতুকে তিনিওকে উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ বিস্ফোৰণটো চিৰাপট্টিস্থিত তপন দত্তৰ মালিকানাধীন কানাড়া বেংক অৱস্থিত বিল্ডিঙত সংঘটিত হয় ৷ বিল্ডিংটোৰ দ্বিতীয় মহলাত থকা ত্ৰিনেত্ৰ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানৰ পাকঘৰ আৰু কাষৰীয়া কোঠাটোত বিস্ফোৰণ সংঘটিত হয়। পাকঘৰ তথা কোঠাটোৰ কোনোধৰণৰ বিশেষ ক্ষতি হোৱা নাই যদিও পাকঘৰ আৰু কোঠাৰ এলুমিনিয়াম ফ্ৰেমৰ খিৰিকি গ্লাছসহ উফৰি গৈ বহু দূৰৈত ছিটিকি পৰে ৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁয়ে জানিবলৈ দিয়া অনুসৰি, পাকঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰটো লিক হৈ সম্পূৰ্ণ কোঠাটো ভৰি আছিল ৷ ৰন্ধন গেছটো খুলি জ্বলাবলৈ জুইশলাৰ কাঠী মৰাৰ লগে লগেই কোঠাটোত বিকট শব্দৰে বিস্ফোৰণ হয় আৰু খিৰিকি ভাঙি গেছসমূহ প্ৰচণ্ড বেগত বাহিৰলৈ ওলাই যায় ৷ ফলত জুইশলা কাঠীডাল মৰা ৰান্ধনী দুৰ্গা বাহাদুৰ চেত্ৰী বেছিকৈ আঘাতপ্ৰাপ্ত হয় ৷
প্ৰেৰক বিবেক বড়া
You might also like