ভ্ৰাম্যমাণ-বোলছবি জগতৰ বলিষ্ঠ অভিনেতা মিহিৰ জ্যোতি বৰুৱাৰ মৃত্যু 

বিশেষ বাৰ্তা, ৯ মেঃ অসমীয়া বোলছবি আৰু ভ্ৰাম্যমান জগতৰ বলিষ্ঠ, সুদক্ষ অভিনেতা তথা পৰিচালক, গোলাঘাটৰ সু-সন্তান মিহিৰজ্যোতি বৰুৱাৰ আজি গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত মৃত্যু হয়। বিগত কিছুদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ থকা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল ৬০ বছৰ। উল্লেখযোগ্য যে ১৯৬৩ চনৰ ৮ এপ্ৰিলত গোলাঘাটত জন্মগ্ৰহণ কৰা মিহিৰজ্যোতি বৰুৱাই গোলাঘাটৰ ১ নং টাউন প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰি ষষ্ঠ শ্ৰেণীলৈকে যোৰহাট বেজবৰুৱা বয়জ হায়াৰ চেকেণ্ডেৰী স্কুলত আৰু পৰবৰ্তী সময়ত সপ্তম শ্ৰেণীৰ পৰা গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি  তাৰ পৰাই প্ৰবেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল । পৰৱৰ্তী কালত গোলাঘাট বানিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। গোলাঘাটৰ এগৰাকী সাংস্কৃতিক বান ব্যক্তি প্ৰয়াত শিশুপ্ৰসাদ বৰুৱা আৰু  প্ৰয়াত শিক্ষয়িত্ৰী ৰেনুকা বৰুৱাৰ সু-সন্তান মিহিৰ জ্যোতি বৰুৱাই বিদ্যালয়ৰ ছাত্র অৱস্থাৰ প্ৰথম ছোৱাত এগৰাকী প্ৰতিভাবান এথেলেটিকছ ৰূপে পৰিচিত হৈছিল যদিও সহপাঠীৰ লগত ইক’ক্লাব নামৰ অনুষ্ঠান দি এই অনুষ্ঠানৰ পৰা বাদ্যযন্ত্ৰৰ শিল্পী ৰূপে সাংস্কৃতিক জগতত প্ৰবেশ কৰিছিল । তেওঁ এগৰাকী ভাল বেডমিণ্টন খেলুৱৈ ৰূপে পৰিচিত আছিল । ৮০ দশকৰ প্ৰথমভাগত গোলাঘাটত অনুস্থিত কৰা ‘ঈদ বিহু প্ৰীতি সন্মিলন’ত প্ৰথমবাৰৰ বাবে গোলাঘাট এমেচাৰ থিয়েটাৰৰ মঞ্চত অভিনেতা ৰূপে আত্মপ্ৰকাশ কৰিছিল বৰুৱাই। লাহে লাহে তেওঁ এমেচাৰৰ থিয়েটাৰ চ’ছাইটি , গোলাঘাট বানিজ্য মহাবিদ্যালয়ৰ মঞ্চৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ, অসমীয়া বোলছবিৰ জগতত ভৰি দি নিজকে এগৰাকী সুদক্ষ অভিনেতা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। ছাত্র অবস্থাতে ‘চামেলি মেমচাহেব’ত শিশু চৰিত্ৰৰে বোলছবি জগতত আত্মপ্ৰকাশ ঘটা মিহিৰ জ্যোতি বৰুৱাই পৰবৰ্তী ‘সূৰ্য তেজৰ অন্য নাম’ ‘ঘৰ সংসাৰ’ ‘শেলালি’ ‘সৰু বোৱাৰী’ আদি  বোলছবিৰ উপৰিও সৌ সিদিনালৈকে ৰেঙনী চেনেলত প্ৰচাৰিত ‘মায়াবিনী’ নামৰ ধাৰাবাহিকলৈকে অভিনয় কৰি এগৰাকী সফল অভিনেতা হিচাপে অসমবাসীৰ সন্মুখত পৰিচিত হৈ পৰিছিল। তেওঁ ভ্ৰাম্যমান থিয়েটাৰ জগতৰো এগৰাকী সফল অভিনেতাৰূপে আত্মপ্ৰকাশ কৰিছিল। বোলছবি, ভ্ৰাম্যমান, ধাৰাবাহিক সকলোতেই বৰুৱাৰ বলিষ্ঠ অভিনয়ে মন্ত্ৰমুগ্ধ কৰি গৈছে দৰ্শক সমাজক। ইখনৰ পিছত সিখন বোলছবি অথবা ভ্ৰাম্যমাণৰ থিয়েটাৰৰ সৈতে জড়িত থকা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যু অসমৰ বাবে এক বৃহৎ ক্ষতি হিচাপে বিবেচিত হৈছে । মৃত্যুৰ সময়ত বৰুৱাই পত্নী, একমাত্ৰ পুত্ৰসহ বহু সংখ্যক আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে । আজি গোলাঘাটৰ সু- সুন্তান বলিষ্ঠ অভিনেতা মিহিৰ জ্যোতি বৰুৱাৰ মৃত্যুৰ বাতৰি বিয়পি পৰিল লগে লগে গোলাঘাটত শোকৰ ছাঁ পৰিছে । তেওঁৰ মৃত্যুত বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, বিধায়কদ্বয় মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন, অগপ গোলাঘাট জিলা পৰিষদৰ সভাপতি ড° নৃপেন বৰুৱা, বিজেপি কিষান মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি, দেৱজিৎ বৰা, গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰা, উপ-পৌৰপতি সীমান্ত বৰা, গোলাঘাট এমেচাৰ থিয়েটাৰ চ’চাইটিৰ সভাপতি ড° অজিত বৰুৱা, প্ৰশাসনীয় সম্পাদক দীপমণি খাটনিয়াৰ, উত্তৰ  পূৰ্বাঞ্চলীয়  সাংস্কৃতিক গোষ্ঠীৰ সভাপতি মানিক বৰা সম্পাদক হৰেন দাস ,অসম সাহিত্য সভাৰ সাংগাঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি তিলেশ্বৰ তামুলী, গোলাঘাট মিডি‌য়া ফ’ৰামৰ সভাপতি দ্বীপেন দত্ত সম্পাদক দিগন্ত কুমাৰ বৰা, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি বিকাশ শৰ্মা, সাধাৰণ সম্পাদক দ্বীপেন বৰা, গোলাঘাট মহকুমা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ঋতুৰাজ বৰুৱা,প্ৰণৱ চক্ৰৱৰ্তী,  গোলাঘাট শাখা সাহিত্য সভাৰ, সভাপতি ৱাজিদুুৰ ৰহমান,সম্পাদক তুলুুুমনি শৰ্মা তামুলী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক জিতুল ৰাজখোৱাই গভীৰ শোক প্ৰকাশ কৰিছে। আজি নিশা বৰুলাৰ মৃতদেহ জন্মথলী গোলাঘালৈ লৈ অনা হ’ব আৰু কাইলৈ শৱদেহ সৎকাৰ কৰা হ’ব।
প্ৰেৰক দিগন্ত কুমাৰ বৰা
Featured