নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাৰ কালাহাণ্ডিত এনকাউণ্টাৰত তিনি মাওবাদী নিহত

বিশেষ বাৰ্তা, ৯ মেঃ ওড়িশাৰ কালাহাণ্ডি জিলাৰ বনাঞ্চলত আজি সংঘৰ্ষৰ সময়ত নিৰাপত্তা বাহিনীয়ে তিনিজন মাওবাদীক হত্যা কৰে। এই সময়ত এজন আৰক্ষীও আহত হয়। এজন আৰক্ষী বিষয়াৰ মতে, এই এনকাউণ্টাৰত ডি এছ পি ৰেংকৰ এজন আৰক্ষী বিষয়াকো গুলীয়াই হত্যা কৰা হৈছে। ঘটনাৰ বিৱৰণী মতে, পুৱা অঞ্চলটোত কৰ্ডন আৰু তালাচী অভিযান চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। কালাহাণ্ডী জিলাৰ মদনপুৰ-ৰামপুৰ থানা এলেকাৰ অন্তৰ্গত টাপ্ৰেংগা-লুবেংগাদ বনাঞ্চলত সংঘটিত হয় এই এনকাউণ্টাৰ। ডিজিপিয়ে জনোৱা মতে, এম ৰামপুৰ থানা এলেকাৰ পৰা এই এনকাউণ্টাৰৰ তথ্য লাভ কৰা হৈছে। আমি তিনিজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছো। এ কে ৪৭ জব্দ কৰাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ এজন জ্যেষ্ঠ মাওবাদী কেডাৰ হ’ব পাৰে। ডিজিপিয়ে জনোৱা মতে, এই এনকাউণ্টাৰত এজন আৰক্ষী বিষয়াও আহত হয় যদিও তেওঁ বিপদৰ পৰা আঁতৰি আছে। আমি তেওঁক উন্নত চিকিৎসাৰ বাবে ভুৱনেশ্বৰলৈ লৈ গৈ আছোঁ। অঞ্চলটোত অধিক অনুসন্ধান অভিযান চলি আছে। হিংসা পৰিহাৰ কৰি সমাজৰ মূলসুঁতিত যোগদান কৰিবলৈ পুনৰবাৰ নক্সালবাদীক আহ্বান জনাইছে ডিজিপিয়ে।

You might also like