নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ পদপথৰ চাহ বিক্ৰেতা ৰীতাই পালে স্বাস্থ্য বিভাগৰ চতুৰ্থবৰ্গৰ চাকৰি

নিয়মীয়া বাৰ্তা, ৯ মেঃ ধুবুৰীৰ পদপথৰ চাহ বিক্ৰেতা ৰীতা দাসৰ চকুত এতিয়া আনন্দাশ্ৰু। সপোন সপোন যেন ল’গা অনুভূতিৰে অসম চৰকাৰ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰিয়াল এতিয়াৰে পৰা তেওঁ। স্বাস্থ্য বিভাগৰ সদ্যঘোষিত চতুৰ্থ বৰ্গৰ পদত চাকৰি লাভ কৰিছে বিবাহিত তথা দুই সন্তানৰ মাতৃ এই মহিলাগৰাকীয়ে। বিগত প্ৰায় ১০ বছৰে ধুবুৰী চহৰস্থিত সদৰ থানাৰ সমীপৰ পদপথত স্বামীৰে সৈতে চাহ-বিস্কুট বিকি জীৱন নিৰ্বাহ কৰিছিল পৰিয়ালটোৱে। অঞ্চলটোৰ সকলোৰে “বৌদি” নামেৰে পৰিচিত ৰীতা দাস। ৰ’দ-বৰষুণ-শীত নেওচি অঞ্চলটোৰ বিভিন্ন দোকানকে ধৰি কাষতে থকা ধুবুৰী সদৰ থানাত চাহৰ কাপ লৈ ব্যস্ততাৰে তেওঁ অহা-যোৱা কৰাটো অতি পৰিচিত দৃশ্য থানাখনলৈ কেতিয়াবা বাতৰি সংগ্ৰহ কৰাৰ বাবে উপস্থিত হোৱা স্থানীয় সংবাদকৰ্মীৰো। কৰোঁ-নকৰোঁকে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদত আৱেদন কৰিছিল তেওঁ। পিতৃয়ে ক্ৰয় কৰি দিছিল এখন প্ৰতিযোগিতামূলক কিতাপ। দিনটো চাহৰ দোকানৰ কৰ্ম ব্যস্ততাৰ পিছত নিশা গৃহত আৰম্ভ হৈছিল আন এক ব্যস্ততাৰ – নিযুক্তি পৰীক্ষাৰ বাবে গভীৰ নিশালৈ কিতাপখনেৰে চলোৱাৰ প্ৰস্তুতি। কেৱল নিজৰ মনোবল, প্ৰচেষ্টা আৰু মেধাক সাৰথি কৰি চৰকাৰী চাকৰি পাই এতিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত চিৰকৃতজ্ঞ ৰীতা দাস।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like