‘কষ্ট কৰিলে সকলোৰে বাবে সফলতা উপহাৰ হিচাপে আহে’

🔷 বালিপৰাত ইউ পি এছ চিত পঞ্চম স্থানপ্ৰাপক ডাঃ ময়ূৰ হাজৰিকাক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ৮ জুনঃ শোণিতপুৰৰ বালিপৰাৰ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী গোটৰ উদ্যোগত সদ্যঘোষিত ভাৰতীয় অসামৰিক সেৱা চমুকৈ ইউ পি এছ চি পৰীক্ষাত দেশৰ ভিতৰতে পঞ্চম স্থান লাভ কৰি দেশৰ লগতে শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনা ডাঃ ময়ূৰ হাজৰিকাক বিশেষ সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটোত উপস্থিত থাকি ডাঃ ময়ূৰ হাজৰিকাই কয় যে নিষ্ঠাৰে কষ্ট কৰিলে সকলোৰে বাবে সফলতা উপহাৰ হিচাপে আহে। সফলতাৰ কোনো চমু পথ নাই । অধ্যৱসায় লাগিবই। সম্বৰ্ধনা অনুষ্ঠানটোত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী গোটৰ সভাপতি মৃণাল শইকীয়া, যুটীয়া সম্পাদক ক্ৰমে প্ৰণৱ মেধি আৰু প্ৰদীপ সৰকাৰ, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেম মেধি, সমাজকৰ্মী হিৰোজ শইকীয়া, সমাজসেৱক হেমেন শইকীয়া, প্ৰভাত বৰাৰ লগতে বালিপৰা অঞ্চলৰ ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত ডাঃ ময়ূৰ হাজৰিকাক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী গোটৰ লগতে বিভিন্ন দল-সংগঠনে গামোচা, মানপত্ৰৰে সম্বৰ্ধনা জনায় ।

প্ৰেৰক প্ৰাঞ্জল পি বৰা

Featured