নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত বিজেপিৰ ‘মহা জনসম্পৰ্ক অভিযান’

📌লোকসভা নিৰ্বাচনৰ ৰণডংকা

📌শতাধিক জ্যেষ্ঠ বিজেপি কৰ্মীক সম্বৰ্ধনা

বিশেষ বাৰ্তা, ৮ জুনঃ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ শক্তি বৃদ্ধিৰ উদ্দেশ্যে দেশজুৰি আৰম্ভ কৰা ‘মহাসম্পৰ্ক অভিযান’ৰ কাৰ্য্যসূচী আজি মৰিয়নিত সম্পন্ন হয় । এই ‘মহাসম্পৰ্ক অভিযান’ৰ অংশ হিচাপে আজি মৰিয়নি বিধানসভা সমষ্টিৰ চেলেংহাট মণ্ডল আৰু মৰিয়নি মণ্ডলত দুখনকৈ সভা অনুষ্ঠিত হয় । চেলেংহাট মণ্ডলৰ অন্তৰ্গত কঁঠালগুৰি চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি দিনত অনুষ্ঠিত হয় হিতাধিকাৰী সন্মিলন আৰু মৰিয়নি মণ্ডলৰ অন্তৰ্গত মৰিয়নি নগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিয়লি জ্যেষ্ঠ কৰ্মকৰ্তা মত বিনিময় সন্মিলন অনুষ্ঠিত হয় । যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হিতাধিকাৰী সন্মিলনত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁ‌চনি সম্পৰ্কে উল্লেখ কৰি সেইসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । তদুপৰি যিসমূহ হিতাধিকাৰীয়ে ইতিমধ্যে চৰকাৰী আঁ‌চনিৰ সুবিধা গ্ৰহণ কৰিছে, সেইসকলে উক্ত আঁ‌চনিৰ সুবিধাসমূহ ভালদৰে পাই আছে নে নাই, সেই সম্পৰ্কেও হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে । আজিৰ সভাত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ।যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়াই আঁ‌ত ধৰা সভাখনৰ সভাপতি হেমন্ত কলিতাই আদৰণী ভাষণ প্ৰদান কৰে। সভাত তিনি মহিলা হিতাধিকাৰী চুমানি উৰাং, পুষ্পাঞ্জলি বৰা আৰু কাশ্মীৰী শৰ্মাই বক্তব্য প্ৰদান কৰি চৰকাৰী আঁ‌চনিৰ সুবিধা দিয়া বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনায় । প্ৰখৰ ৰ’দ আৰু গৰমতো এই সভাত দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । ইয়াৰ পিছতেই মৰিয়নিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা জ্যেষ্ঠ কৰ্মকৰ্তা মত বিনিময় সন্মিলনত সভাপতিত্ব কৰে জিলা সভাপতি হেমন্ত কলিতাই । জিলা সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়াই আঁ‌ত ধৰা সভাখনতো অংশগ্ৰহণ কৰি যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বক্তব্য প্ৰদান কৰি প্ৰবীণ বিজেপি নেতা-কৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁলোকে কয়- যিসকল জ্যেষ্ঠ বিজেপি নেতা-কৰ্মীৰ ত্যাগৰ বাবে আজি বিজেপিয়ে এই পৰ্য্যায় পাইছেগৈ, তেওঁলোকক দলে কেতিয়াও নাপাহৰে। তেওঁলোকৰ পৰামৰ্শ দলৰ বাবে সদায়েই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি আগন্তুক দিনতো দলটোৰ স্বাৰ্থত সেৱা আৰু পৰামৰ্শ আগবঢ়াই যাবলৈ আহ্বান জনায় । এই সভাতেই মৰিয়নি অঞ্চলৰ শতাধিক জ্যেষ্ঠ বিজেপি নেতা-কৰ্মীক সম্বৰ্ধনা জনোৱা হয় । আনহাতে, এই ৰাজহুৱা প্ৰেক্ষাগৃহতেই মৰিয়নি সমষ্টি ভিত্তিত বিজেপিৰ আঠটাকৈ মৰ্চাৰ নেতৃত্বৰ ‘সংযুক্ত মৰ্চা সন্মিলন’ অনুষ্ঠিত হয় । বিজেপিৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত চাহ মৰ্চা, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা, অনুসূচিত জাতি মৰ্চা, অনুসূচিত জনজাতি মৰ্চা, সংখ্যালঘু মৰ্চা, মহিলা মৰ্চা, যুৱ মৰ্চা, কিষাণ মৰ্চাৰ নেতৃত্বই এই সন্মিলনত অংশগ্ৰহণ কৰে । দুয়োখন সভাতেই সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য জিতু হাজৰিকা, যোৰহাট জিলা বিজেপিৰ তিনি উপ-সভাপতি ক্ৰমে শম্ভু পাল, ৰশ্মিৰেখা চিৰিং ফুকন আৰু চন্দন বৰুৱা, চেলেংহাট মণ্ডল বিজেপিৰ সভাপতি গিৰীশ দাস, মৰিয়নি মণ্ডল বিজেপিৰ সভাপতি কৃষ্ণ ভূমিজ, জিলা সাধাৰণ সম্পাদক মঞ্জু দত্ত, সম্পাদক পুলেন চুতীয়া, যোৰহাট জিলা পৰিষদৰ উপ- সভাপতি কবিতা গগৈ, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰুৱা, চাহ আৰু প্ৰাক্তন চাহ উন্নয়ন ব’ৰ্ডৰ যোৰহাট মহকুমাৰ অধ্যক্ষ তৰুণ ৰাজৱাৰ, তিতাবৰ মহকুমাৰ অধ্যক্ষ দুলেন নায়ক, কাটনি জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্ত আদি বহুসংখ্যক নেতাই অংশগ্ৰহণ কৰে । ইফালে, সাংসদ তপন কুমাৰ গগৈয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৯ বছৰত দেশৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক কাম-কাজসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যৰেই এমাহজোৰা এই মহা জনসম্পৰ্ক অভিযানৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে । এয়া আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে একপ্ৰকাৰ কুচকাৱাজ বুলিও উল্লেখ কৰি সাংসদ গগৈয়ে কয়- বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা যোৰহাট লোকসভা সমষ্টিলৈ আহিব । জে পি নাড্ডাৰ উপস্থিতিত ১৯ জুনত এক বিশাল ৰাজহুৱা সভা শিৱসাগৰৰ জকাইচুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়- বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশনা মৰ্মে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰীয়া কাৰ্য্যকাল সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁ‌চনি সম্পৰ্কে জনসাধাৰণক সঠিকভাৱে অৱগত কৰাৰ উদ্দেশ্যৰেই এই মহা জনসম্পৰ্ক অভিযান অনুষ্ঠিত কৰা হয় । ইয়াৰ যোগেদি দল, চৰকাৰ আৰু জনসাধাৰণৰ মাজত দূৰত্ব হ্ৰাস কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে । আজিৰ এই মহা জনসম্পৰ্ক অভিযানৰ জৰিয়তে মৰিয়নিত বিজেপি দলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজালে। অৱশ্যে লোকসভা নিৰ্বাচনলৈ হাতত কেইবাটাও মাহ বাকী থকালৈ চাই মৰিয়নিত নিৰ্বাচনী স্ৰোত কোনদিশে যায়, সেয়া সময়েহে ক’ব ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like