নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জনতা কার্ফিউ’ প্ৰতি বলীউডজগতৰ সঁহাৰি, কোনে কি ক’লে চাওক-

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ মহামাৰী ক’ভিড–১৯ এ দেশজুৰি আতংক সৃষ্টি কৰাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ২২ মার্চৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ মুঠ ১৪ ঘণ্টা ‘জনতা কার্ফিউ’ পালন কৰিবলৈ জনসাধাৰণক বিনম্রতাৰে আহ্বান জনায়৷

ইফালে, অহা ২২ মার্চত জনতাৰ কার্ফিউ পালন কৰা সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে কৰা আহ্বানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে বলীউডৰ কেইবাগৰাকীও নৱীণ-প্ৰৱীণ অভিনেতা-অভিনেত্ৰীয়ে ।

টুইট যোগে অভিনেতাসকলে প্রধানমন্ত্রী মোদীৰ আহ্বানক সঁহাৰি জনায় এই আহ্বানক সন্মতি প্ৰদৰ্শন কৰে ।

চাওক কোন কোন অভিনেতাই কিদৰে টুইট কৰি প্রধানমন্ত্রী মোদীৰ আহ্বানক কি ক’লে-

উল্লেখ্য যে অত্যাৱশ্যকীয় সামগ্রীৰ নাটনি নহ’বলৈ চৰকাৰে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব বুলি মন্তব্য কৰি অপ্রয়োজনীয়ভাৱে ঘৰত খাদ্য–সামগ্রী মজুত নকৰিবলৈও দেশবাসীক আহ্বান জনায়৷ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই থকা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে পৰিস্থিতি সন্দর্ভত চৰকাৰে সূক্ষ্ম নিৰীক্ষণ চলাই আছে৷

You might also like