নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম বিবাহ বাৰ্ষিকীত তিৰুপতিত ৰণবীৰ-দীপিকা

প্ৰথম বিবাহ বাৰ্ষিকীত অভিনেত্ৰী দীপিকা পাডুকণ আৰু স্বামী ৰণবীৰ সিঙে তিৰুমালা তিৰুপতি মন্দিৰ দৰ্শন কৰে ।

নিউজ ডেস্ক, ১৪ নৱেম্বৰঃ বৃহস্পতিবাৰে অভিনেত্ৰী দীপিকা পাডুকণ আৰু স্বামী ৰণবীৰ সিঙে উদযাপন কৰিছে তেওঁলোকৰ প্ৰথম বিবাহবাৰ্ষিকী । এই উপলক্ষে পুৱাই ছবিজগতৰ দুই তাৰকা শিল্পীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা তিৰুপতি মন্দিৰ দৰ্শন কৰি আশীষ লয় । লগতে মন্দিৰত উঠা কেইকপিমান আলোকচিত্ৰও দীপিকাই ছ’চিয়েল মাধ্যম যোগে প্ৰকাশ কৰে ।

প্ৰথম বিবাহ বাৰ্ষিকীত তিৰুপতিত পৰিয়ালৰ সৈতে ৰণবীৰ-দীপিকা

উল্লেখ্য যে এই আলোকচিত্ৰসমূহত দুয়োগৰাকী তাৰকা শিল্পীকে পৰম্পৰাগত সাজসজ্জাত দেখা গৈছে । য’ত দীপিকাক ৰঙা শাৰীৰ বিপৰীতে স্বামী ৰণবীৰক ক্ৰীম ৰঙৰ চেৰৱানীত দেখা গৈছে ।

You might also like