নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিজিত ভট্টাচাৰ্যলৈ শ্ৰেষ্ঠ নাট্যকাৰ আৰু নাট্য সম্ৰাট সন্মান NEBCUS-ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ উত্তৰ-পূবৰ অগ্ৰণী স্বেচ্ছাসেৱী সামাজিক-সাংস্কৃতিক অনুষ্ঠান নেবকছ-এ শেহতীয়াভাৱে নলবাৰী ৰাস মহোৎসৱৰ পাছতে নেবকছ নেচনেল এৱাৰ্ড ২০২৪-২৫ বৰ্ষৰ ১৮সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰৰ বঁটাসমূহ এক প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিছে। সেই অনুসৰি বিশ্ববিৰল ভ্ৰাম্যমাণ থিয়েটাৰত সুদীৰ্ঘ ৩০টা বছৰে অশেষ কষ্ট আৰু সাধনাৰে নাট্য সৃষ্টিত ব্ৰতী হৈ থাকি ৪০০খনৰো অধিক নাটক উপহাৰ দিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ সৰ্বাধিক জনপ্ৰিয় নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচাৰ্যলৈ NEBCUS-এ আগবঢ়াইছে ২০২৪-২৫ বৰ্ষৰ ‘নাট্য সম্ৰাট’ সন্মান । ইয়াৰ উপৰি অনুষ্ঠানটোৱে নাট্যকাৰগৰাকীৰ ৰচিত ইতিহাস থিয়েটাৰৰ ‘জুয়ে পোৰা মানুহ’ পাণ্ডুলিপিটোৰ বাবে প্ৰদান কৰিছে ‘শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা’। উক্ত বঁটাকেইটা ২০২৫ বৰ্ষৰ ২৫ মেত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হব বুলি ‘নেবকছ’ৰ সঞ্চালকপ্ৰধান ৰঞ্জিত দত্ত আৰু সভাপতি গগনাষ্টম গগৈ আৰু সম্পাদক বৰষা কাশ্যপে প্ৰকাশ কৰিছে।

You might also like