অভিনেত্ৰী সীমা বিশ্বাসলৈ শিল্পী আইদেউ সন্দিকৈ বঁটা-২০২৪
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰ : সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত বোকাখাত শাখা সন্ধানী লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত আৰু বোকাখাত নাট্যমন্দিৰৰ সহযোগত মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈৰ একবিংশতিতম্ স্মৃতি দিৱস উপলক্ষে শিল্পীগৰাকীৰ নামেৰে প্ৰৱৰ্তন কৰা সোঁৱৰণী শিল্পী বঁটা প্রদান অনুষ্ঠানটি অহা ১৭ ডিচেম্বৰত বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হ’ব। আজি বোকাখাত নাট্য মন্দিৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে সংবাদ মেলত এই কথা সদৰি কৰে। সংবাদ মেলত প্ৰকাশ কৰা অনুসৰি, এইবাৰ বোকাখাতত কেন্দ্রীয় কার্যসূচী ‘শিল্পী আইদেউ সন্দিকৈ বঁটা-২০২৪’ প্রদান অনুষ্ঠানটি বোকাখাত নাট্য মন্দিৰত উদ্ যাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে। উল্লেখ্য যে বিগত ২০০৩ বৰ্ষৰ পৰা প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ সোঁৱৰণত মৃত্যু তিথি ১৭ ডিচেম্বৰ দিনা প্ৰতিবছৰে অসমৰ স্বনামধন্য একোগৰাকীকৈ মহিলা শিল্পীক এই বঁটা প্রদান কৰি অহা হৈছে। ২০২৪ বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হ’ব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী তথা অসম গৌৰৱ তথা নলবাৰীৰ জীয়ৰী, ৰাষ্ট্ৰীয় শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা প্ৰাপক ‘বেণ্ডিত কুইন’ খ্যাত সীমা বিশ্বাসক।
প্ৰেৰক সুদীপ্ত তামুলী