নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম সন্তান টকজীৰ কাথাৰ দলে

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ জীৱনৰ মাত্ৰ সাতটা বসন্ত স্পৰ্শ কৰোতেই নিজৰ স্ব-প্ৰতিভাৰে দেশৰ সাংস্কৃতিক প্ৰেমী, বলিউদৰ তাৰকা শিল্পীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা অসম সন্তান টকজীৰ কাথাৰ দলে শেহতীয়াকৈ পুণৰ শিখৰৰ দিশে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ইতিমধ্যে মায়ানগৰী মুম্বাইত কালাৰ্চ টিভিৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰিয়েলিটী শ্ব’  Dance Deewane Season 4 ত অসম সন্তান কণমানি ৭ বছৰীয়া টকজিৰে ভাগ লৈ সম্প্ৰতি তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ইফালে মায়ানগৰীত আয়োজিত বিশেষ নৃত্য প্ৰতিযোগিতাত ক্ৰমান্বয়ে ৰাজ্যবাসীৰ মৰম-আশীৰ্বাদ শিৰত লৈ টকজীৰ কাথাৰ দলে নামৰ শিশুটিয়ে তৃতীয় ৰাউণ্ডত প্ৰৱেশৰ পিছতে ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰতো আনন্দৰ জোঁৱাৰ উঠিছে৷ এতিয়া টকজিৰক পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত অধিকতকৈও অধিক হাৰত ভোটিঙৰ প্ৰয়োজন হৈ পৰিছে৷যাৰ বাবে বিগত কেইদিনত টকজিৰৰ বাবে ভোটদান কৰিবলৈ শিৱসাগৰ জিলাখনৰ বহু কেইগৰাকী সাংস্কৃতিককৰ্মী,বিশিষ্ট ব্যক্তিয়ে সংবাদমেল যোগে ৰাইজলৈ আহ্বান জনোৱাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত টকজীৰৰ সমৰ্থনত ৰাইজে স্বৰ্তস্ফ্যুত ভাৱে বাহিৰ কৰিছিল বিভিন্ন ৰেলীৰ৷ হাতে হাতে টকজীৰে নৃত্য কৰি থকা পজৰ ফটো সম্বলিত বেনাৰ লৈ শোভাযাত্ৰাকাৰী সকলে টকজীৰক পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ অধিক সংখ্যক ভোট প্ৰদাণ কৰিবলৈ ৰাইজৰ প্ৰতি আহব্বান জনাইছিল৷ উল্লেখ্য যে নিজৰ স্ব প্ৰতিভাৰে দেশৰ বোলছবি জগতৰ তাৰকা শিল্পীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষন হোৱা তকজিৰক ভোট দিবৰ বাবে মবাইলৰ Play Store গৈ Jio Cinema App download কৰি সেই এপযোগে ভোটদান কৰিব লাগিব৷ভোটদানৰ সময় ৬ এপ্ৰিল শনিবাৰে নিশা ৯-৩০ বজাৰ পৰা আৰম্ভ হৈ ৭ তাৰিখ দেওবাৰে পুৱা ৯-৩০ বজালৈকে আৰু একেদিনাই নিশা চাৰে ৯ বজাৰ পৰা পিছদিনা অৰ্থাত সোমবাৰৰ পুঁৱা চাৰে ৯ বজালৈকে ভোট দান কৰিব পাৰিব বুলি জানিবলৈ দিছে৷ গতিকে সমূহ অসমবাসীক কণমানি টকজীৰক ওপৰত উল্লেখিত নম্বৰত বিপুলভাৱে ভোটদান কৰি পৰৱৰ্ত্তী ৰাউণ্ডলৈ উন্নীত কৰিবলৈ টকীজৰ সমৰ্থক, টকজীৰ ফেনৰ্চ ক্লাব, সাংস্কৃতিক কৰ্মীয়ে জনসাধাৰণৰ প্ৰতি আহব্বান জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like