নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্মানীক ২০ হাজাৰ হাতী উপহাৰ দিব ব’টছৱানাই

🔹 আফ্রিকান দেশত অবাধ চিকাৰক লৈ উদ্বিগ্ণ বার্লিন প্রশাসনক প্রত্যুত্তৰ

বিশেষ বাৰ্তা, ৪ এপ্রিল : আফ্রিকান ৰাষ্ট্র ব’ট্ছৱানাই জার্মানীলৈ ২০ হাজাৰ হাতী প্রেৰণ কৰিব বুলি ভাবুকি প্রদান কৰিছে৷ এক ৰাজনৈতিক বিবাদত ব’ট্ছৱানাৰ ৰাষ্ট্রপতিগৰাকীয়ে দেশখনৰ পৰা জার্মানীলৈ এই হাতীবোৰ প্রেৰণ কৰাৰ হুংকাৰ দিছে৷ চলিত বর্ষৰ আৰম্ভণিতে জার্মানীৰ পৰিৱেশ মন্ত্রালয়ে পৰামর্শ দিছিল– ব’ট্ছৱানাত হাতী চিকাৰ হ্রাস কৰিব লাগে৷ জার্মান সংবাদ–পত্র ‘বিল্ড’ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ব’ট্ছৱানাৰ ৰাষ্ট্রপতি ম’কউইটছি মাচিছিয়ে উল্লেখ কৰে যে যদি হাতীৰ চিকাৰ হ্রাস কৰা হয়, তেন্তে দেশখনত জনসাধাৰণৰ সংকট বৃদ্ধি পাব৷ স্মর্তব্য যে বিশ্বৰ ভিতৰতে সর্বাধিক হাতী আছে ব’ট্ছৱানাত৷ বিশ্বৰ এক তৃতীয়াংশ হাতীৰ বিচৰণভূমি হৈছে আফ্রিকাৰ এই দেশখন৷ সমীক্ষা অনুসৰি, এক লাখ ৩০ হাজাৰতকৈ অধিক হাতী আছে দেশখনত৷ কিন্তু সেই অনুপাতে হাতীৰ বিচৰণস্থলী নাই দেশখনৰ অৰণ্যত৷ ইয়াৰ ফলত সঘনে বন্য হাতীৰ জাকে ধ্বংস কৰিছে বসতি অঞ্চল৷ কৃষকৰ শস্য খাই তহিলং কৰি আহিছে হাতীয়ে৷ আনকি, বছৰি বহু লোক হাতীৰ আক্রমণত মৃত্যুমুখত পৰে৷ লক্ষণীয়ভাৱে প্রতিৱেশী এংগ’লাক ব’ট্ছৱানাই ৮ হাজাৰ হাতী উপহাৰ দিছে৷ সেইদৰে মোজাম্বিকেও কেইবাশ হাতী নি দেশখনৰ অৰণ্যত এৰি দিছে৷ এইবাৰ হাতীক লৈ উদ্বিগ্ণ হোৱা জার্মানীক ২০ হাজাৰ হাতী ব’ট্ছৱানাৰ ৰাষ্ট্রপতিগৰাকীয়ে উপহাৰ দিব বিচৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য৷ ৰাষ্ট্রপতিগৰাকীয়ে এয়া কোনোধৰণৰ ৰসিকতা নহয় বুলি সংবাদ–পত্রখনৰ আগত উল্লেখ কৰি এই সন্দর্ভত জার্মান চৰকাৰৰ পৰা শীঘ্রে সঁহাৰি পোৱাৰ আশা কৰে৷

You might also like