নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা পূজাৰ আগদিনাই সাগৰকুছি খাতিকুছিত মহাৰাজৰ দপদপনি

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ বিগত দুই বছৰৰ পৰা ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটি দহ বাৰটা হাতীৰ জাকে নলবাৰী জিলাৰ খাতিকুছি সাগৰকুছি অঞ্চল পশ্চিম ফালে মানুহৰ ঘৰ ভাঙি খাদ্য খাই তহিলং কৰি থকা সময়তে খাতিকুছি সাগৰকুছিৰ খেলপথাৰত দুদিনৰ বাবে আহে মহাৰাজ। এই মহাৰাজক চাবলৈ অঞ্চলটোৰ পশ্চিম প্ৰান্তৰ বিচৰণ কৰি থকা বৃহৎ হাতী জাকটোক ভয় নকৰি সন্ধিয়াই পুৰুষ মহিলা, যুৱক যুৱতী সকল ভৰিপৰিল মহাৰাজ ওৰফে জনপ্ৰিয় অভিনেতা যতীন বৰাক চাবলৈ। যতীন বৰা অভিনিত মহাৰাজ নাটক চাবলৈ। ইতিহাস থিয়েটাৰৰ ”মহাৰাজ” এখন সাম্প্ৰতিক সময়ত এখন বাস্তৱধৰ্মী নাটক। সকলো শ্ৰেণীৰ দৰ্শকক সন্তুষ্ট কৰিব পৰাকৈ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই নাটক খনৰ উপস্থাপন কৰিছে। বৰ্তমান সময়ত ৰাজনৈতিক সমাজখনৰ স্কলন, ৰাজনৈতিক ক্ষমতা খটুৱাই হত্যা, ড্ৰাগছ আদিৰ মাজেৰে সৎপথত চলি থকা ব‌্যক্তি, যুৱক যুৱতীক বিপথে নিয়া আদিৰ প্ৰতিফলন ঘটাইছে। প্ৰেম যে পৱিত্ৰ হৃদয়ৰ মাজত হে সম্ভৱ, উচ্চ শিক্ষিত হৈয়ো নায়িকাই অতি সৎ স্বভাৱৰ বাবে যুৱকক নিজৰ কৰি লৈছিল যদিও সময়ত সেইজন দুৰন্ত প্ৰেমীকৰ ছবি মচি দিলে অন্তৰৰ পৰা। কিন্তু সময়ত প্ৰমাণ হ’ল তেওঁৰ স্বামী আচলতে এজন সুন্দৰ মনৰ মানুহ। দুৰ্নীতি, বৰ বিষ ড্ৰাগছ ধ্বংস কৰা এজন মহাৰাজ। মঞ্চৰ আৰু কাপোৰ আতৰি যোৱাৰ দুটা দৃশ্য শেষ হোৱাৰ লগে লগে ‘মহাৰাজ’ ওৰফে যতীন বৰা ৰণ সজ্জাৰে গেলাৰীৰ দৰ্শকক লগ কৰি প্ৰেক্ষাগৃহৰ মাজেৰে মঞ্চলৈ আহে এখন ট্ৰলীৰ ওপৰত এখন বাইকত। আৰম্ভ হয় দুয়োখন মঞ্চত অভিনয় তাণ্ডব। একচন, অভিনয়, নৃত্য গীত। থৰ লাগি চাইছে দৰ্শকে সঘনাই সলনি হৈ থকা দৃশ্যপট। আৰম্ভণিৰ পৰা নাটকৰ শেষলৈ দৰ্শকে মনোযোগ দি চাইছে। গেলাৰীৰ পৰা কোনো অবাঞ্চিত শব্দ অহা নাই। নাটকৰ শেষত অহাবাটে পত্নী, জী জোঁৱাই সহ এখন গাড়ীত উঠি আতৰি গ’ল মহাৰাজ। এখন সুন্দৰ সফল নাট “মহাৰাজ”। একাংশই নাটক খন নোচোৱাকৈ চাৰ্কাছ বুলি প্ৰচাৰ কৰিছে। যদিও নাটক খনৰ ৰসাস্বাদন কৰি দৰ্শক অভিভূত হৈ পৰা পৰিলক্ষিত হয় সকলো শ্ৰেণীৰ দৰ্শক। নাটকখন নোচোৱাকৈ সমালোচনা কৰাতকৈ, নাটক খন চাইহে গঠন মুলক সমালোচনা কৰক। দৰ্শকৰ আশা পূৰণ কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম হ’ল ইতিহাস থিয়েটাৰ। বিশেষকৈ জনপ্ৰিয় নাট্যকাৰ, পৰিচালক, গীতিকাৰ অভিজিত ভট্টাচাৰ্যৰ ‘মহাৰাজ’ নাটখনে যেন ভ্ৰাম্যমাণৰ ইতিহাসেই সলনি কৰি পেলালে। নাটখনৰ বহুকেইটা আৱেগিক দৃশ্যত যতীন বৰাৰ সংলাপ আৰু চমকপ্ৰদ অভিনয়ত নাট্যমোদীয়ে জাউৰিয়ে জাউৰিয়ে হাতচাপৰিৰে ইতিহাসৰ প্ৰেক্ষাগৃহ ৰজনজনাই তোলে। ইতিহাসত অভিনয়, সংলাপ, সংগীত, কাৰিকৰী-কৌশল আদি প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিছে দৰ্শক-ৰাইজ। জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকনে সংগীতেৰে সজোৱা জুবিন গাৰ্গ আৰু পাপৰি গগৈৰ কণ্ঠ সমৃদ্ধ আলেঙে আলেঙে গীতটিৰ লগতে দীক্ষুৰ কণ্ঠ সমৃদ্ধ ৰুমাল গীতটিয়েও দৰ্শকক এক নতুন সোৱাদ দিবলৈ সক্ষম হৈছে। মহানায়ক যতীন বৰাৰ লগতে ইতিহাসৰ মঞ্চত দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিছে অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী, মঞ্চসফল অভিনেতা বিপুল বৰা, চন্দন বৰা, মুহি বৰা, গুঞ্জন চৌধুৰী, চম্পক মেধি, পাৰ্থ কলিতা, মানস শইকীয়া, জ্যেষ্ঠ অভিনেত্ৰী অৰ্চনা বৰা, অভিনেত্ৰী আশা ৰিয়া ফুকনে।
প্ৰেৰক বীৰেন কলিতা
You might also like