নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Indian Idol-12ৰ খিতাপ জয় উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনৰঃ লাভ কৰিলে ২৫ লাখ টকা আৰু নতুন গাড়ী

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ  সংগীতৰ অন্যতম শ্ৰেষ্ঠ ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডল চিজন ১২ৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনে (Pawandeep Rajan)। লগতে প্ৰথম ৰানাৰ-আপ হৈছে অৰুণিতা কাঞ্জিলাল (Arunita Kanjilal)।

বিজয়ী পৱনদীপ ৰাজনক এটা ট্ৰফী, ২৫ লাখ টকাৰ পুৰস্কাৰ আৰু এখন নতুন গাড়ী প্ৰদান কৰা হয়। পশ্চিম বংগৰ অৰুণিতা কাঞ্জিলাল কঠিন যুঁজৰ পিছতো দ্বিতীয় স্থানতে থমকিবলগীয়া হয়। এইবাৰ পৱনদীপ আৰু অৰুণিতাৰ ওপৰিও চাইলি কাম্বলে, নিহাল তৌৰো, ডেনিছ মহম্মদ আৰু ফ্ৰণ্ট প্ৰিয়াই ফাইনেলত প্ৰৱেশ কৰিছিল।

উল্লেখ্য যে ইণ্ডিয়ান আইডল চিজন ১২ ৰ গ্ৰেণ্ড ফাইনেলৰ অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে একেৰাহে ১২ ঘণ্টাৰ লাইভ সম্প্ৰচাৰ কৰিছিল। অনুষ্ঠানটো দেওবাৰে দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ অনুষ্ঠিত হৈছিল। এইবাৰ বিচাৰকৰ আসনত আছিল অনু মালিক, হিমেশ ৰেশমিয়া আৰু চনু কক্কৰ। ফাইনেলৰ বিশেষ অনুষ্ঠানত অল্কা য়াগনিক, কুমাৰ চানু, উদিত নাৰায়ণ বিশেষ অতিথি হিচাপে উপস্থিত আছিল। লগতে আছিল সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীও।

You might also like