নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীপকোত ৯৪ পদৰ বিজ্ঞাপনঃ আবেদনৰ অন্তিম তাৰিখ ১০ ছেপ্টেম্বৰ

উত্তৰ–পূব বৈদ্যুতিক শক্তি নিগম লিমিটেড অর্থাৎ নীপকোত খালী হৈছে ৯৪ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, Graduate Apprenticeৰ ৪৪ আৰু Technician Apprenticeৰ ৫০ পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷

Graduate Apprenticeৰ ৪৪ পদ পূৰণ হ’বলগীয়া নীপকোৰ প্রকল্পসমূহ হৈছে Agartala Gas Turbine Combined Cycle Power Plant (১) Assam Gas Based Power Plant (), Kameng Hydro Electric Plant (), Kopili Hydro Electric Plant (১), Pare Hydro Electric Plant (), Tripura Gas Based Combined Cycle Power Plant ()৷

Graduate Apprenticeৰ মুঠ পদ ৪৪টাৰ ভিতৰত Electricalৰ ৭টা, Mechanicalৰ ৬টা Civilৰ ১৩টা, Elect./Mech.ৰ ১৫ট আৰু IT ৰ ৩টা পদ থাকিব৷ আবেদনকাৰী Statutory Universityৰ পৰা Engineering./Technology বিষয়ত ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ নিযুক্তিপ্রাপ্তই মাহে ১৮,০০০ টকা লাভ কৰিব৷

আনহাতে,Technician Apprenticeৰ ৫০ পদ পূৰণ হ’বলগীয়া নীপকোৰ প্রকল্পসমূহ হৈছে NEEPCO Corporate Office (), Agartala Gas Turbine Combined Cycle Power Plant (), Assam Gas Based Power Plant (১), Doyang Hydro Electric Plant (), Kameng Hydro Electric Plant (), Kopili Hydro Electric Plant (), Pare Hydro Electric Plant (), Ranganadi Hydro Electric Plant (), Tripura Gas Based Combined Cycle Power Plant (৬)৷

Technician Apprenticeৰ মুঠ পদ ৫০টাৰ ভিতৰতElectricalৰ ৮টা, Mechanicalৰ ৬টা Civilৰ ১১টা, Elect./Mech.ৰ ১৭ট আৰুITৰ ৮টা পদ থাকিব৷ আবেদনকাৰী ৰাজ্য চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত Board of Technical Education/State Councilৰ পৰাEngineering./Technology বিষয়ত ডিপ্ল’মাধাৰী হোৱাটো বাঞ্ছনীয়৷ নিযুক্তিপ্রাপ্তই মাহে ১৫,০০০ টকা লাভ কৰিব৷

আবেদনকাৰীৰ বয়স ৩১ জুলাই, ২০২১লৈ ১৮–২৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে নাম পঞ্জীয়নকে ধৰি আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট https://portal.mhrdnats.gov.in/boat/login/user_login.action & https://neepco.co.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ ছেপ্টেম্বৰ, ২০২১৷

You might also like