নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু কাটা লাগা গার্ল-খ্যাত শেফালিৰ

Bigg Boss 13 ৰ অংশ হোৱা অভিনেত্ৰী শেফালি জাৰিৱালাই ৪২ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ (cardiac arrest) হোৱাৰ ফলত মৃত্যুবৰণ কৰে

জনপ্ৰিয় কাটা লাগা গার্ল গীতৰ জৰিয়তে ২০০০ চনৰ আৰম্ভণিত খ্যাতি লাভ কৰা আৰু Bigg Boss 13 ৰ অংশ হোৱা অভিনেত্ৰী শেফালি জাৰিৱালাই ৪২ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ (cardiac arrest) হোৱাৰ ফলত মৃত্যুবৰণ কৰে। আজি পুৱা দেহাৱসান ঘটে শেফালিৰ।

সংবাদ মাধ্যমৰ মতে, নিশা হৃদযন্ত্ৰৰ সমস্যা ধৰা পৰে আৰু তেওঁৰ স্বামী পৰাগ ত্যাগী আৰু আন ৩জনৰে সৈতে তেওঁক আন্ধেৰীৰ বেলভিউ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ সঠিক কাৰণ জানিবলৈ তেওঁৰ দেহ কূপাৰ হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়।

তিনি দিন আগতে তেওঁৰ ইনষ্টাগ্ৰামত এটা সুন্দৰ ফটো আপলোড কৰিছিল। কেপচন আছিল এনেধৰণৰ : “Bling it on, baby!”

২০০২ চনত “Kaanta Laga” ৰিমিক্স মিউজিক ভিডিঅ’ৰ জৰিয়তে ২০ বছৰ বয়সত খ্যাতি লাভ কৰিছিল। উল্লেখ্য যে তেওঁ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰী আছিল। ভিডিঅ’টো bold lookৰ বাবে বিতর্কিত হলেও সেই সময়ত এক সাংস্কৃতিক আইকন ৰূপে পৰিগণিত হয়।

২০০৪ চনত “Mujhse Shaadi Karogi” ছবিৰ জৰিয়তে অক্ষয় কুমাৰ আৰু ছলমান খানৰ সৈতে বলীউড অভিষেক ঘটাইছিল।

তাৰ পিছত Nach Baliye 5 আৰু Bigg Boss-13-ৰ দৰে ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰিছিল।

শেফালিৰ মৃত্যুৰ খবৰটোৱে মনোৰঞ্জন জগত আৰু তেওঁৰ অনুগামীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

Niyomiya Barta Desk, Date of published : 28 June, 2025

You might also like