নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ বিধ ঔষধ খাই আছিল কে কে-এ, হৃদযন্ত্ৰৰ চাৰিওফালে জমা হৈছিল বগা তৰপ

বিশেষ বাৰ্তা, ৩ জুনঃ কণ্ঠশিল্পী কে কেৰ মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে আৰু লগতে বহু প্ৰশ্নও এৰি থৈ গৈছে। ইয়াৰ পূৰ্বে তেওঁৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি কোৱা হৈছিল। পিছত আৰক্ষীয়ে মূৰ আৰু মুখত আঘাতৰ চিন পোৱাত ‘অস্বাভাৱিক’ মৃত্যুৰ গোচৰ ৰুজু কৰে। ইয়াৰ পিছতে তেওঁ সংগীত পৰিৱেশন কৰা ঠাইখনৰ মেনেজাৰে বিশৃংখলতাৰ অভিযোগ উত্থাপন কৰিছিল। ইফালে, কে কেৰ হাৰ্ট ব্লকৰ সমস্যা হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। সময়মতে চিপিআৰ দিয়া হ’লে তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা গ’লহেতেন বুলিও মৰোনত্তৰ পৰীক্ষা কৰা চিকিৎসকে জনায়। শেহতীয়াকৈ এই সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে। কে কেৰ মৰণোত্তৰ পৰীক্ষা আৰু ভিচেৰা ৰিপ’ৰ্ট হিষ্ট’পেথ’লজিকেল পৰীক্ষাৰ বাবে পঠিওৱা হৈছিল, য’ত দেখা গৈছে যে তেওঁৰ হৃদযন্ত্ৰৰ চাৰিওফালে এটা চৰ্বিযুক্ত তৰপ গঠন হৈছিল, যিটো বগা হৈ পৰিছিল আৰু ভালভবোৰ কঠিন হৈ উঠিছিল। আৰক্ষীয়ে জনোৱা মতে, হিষ্ট’পেথ’লজী হৈছে কলাৰ ওপৰত কৰা অধ্যয়ন, যিয়ে ব্লকৰ কথা প্ৰকাশ কৰিব পাৰে। ইফালে আৰক্ষীৰ সূত্ৰই আৰু জনাইছে যে তেওঁৰ শৰীৰত এন্টাচিড আৰু এচিডিটি ৰিলিফ চিৰাপৰ সৈতে গেষ্ট্ৰিক আৰু লিভাৰৰ সৈতে জড়িত ১০টা ভিন্ন ঔষধ আৰু ভিটামিন চি লৈ থকাৰ প্ৰমাণ পোৱা হৈছে। আয়ুৰ্বেদিক আৰু হোমিঅ’পেথিক ঔষধো পোৱা গৈছিল। শিল্পীগৰাকীয়ে প্ৰায়ে এন্টাচিড টেবলেট গ্ৰহণ কৰি আছিল। ৩১ মে’ৰ পুৱাও তেওঁ নিজৰ মেনেজাৰক কৈছিল যে তেওঁৰ শক্তি কমিছে। মৃত্যুৰ কেইঘণ্টামান আগতে সেই নিশাই তেওঁ পত্নীক কৈছিল যে তেওঁৰ কান্ধ আৰু বাহুত বিষ হৈছে।

You might also like