সংকটত কেজিএফ তাৰকা য়াশৰ নতুন ছবি টস্কিক
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ নৱেম্বৰঃ কেজিএফ তাৰকা য়াশৰ নতুন ছবি টস্কিক চিত্র গ্রহণৰ সময়তে বিতর্কৰ মাজত সোমাই পৰিছে৷ কার্যতঃ সংকটত পৰিছে তাৰকা য়াশৰ নতুন ছবিখন৷ শ্বুটিঙৰ বাবে ছেট নির্মাণৰ কাৰণে শতাধিক গছ কটাৰ অভিযোগৰ ভিত্তিতে য়াশৰ ছবি টস্কিকলৈ আইনী জাননী প্রেৰণ কৰিছে কর্ণাটক চৰকাৰে৷ কর্ণাটকৰ বন বিভাগ আৰু হিন্দুস্তান মেচিন টুলছ এই ছবিখনৰ বাবে সংঘাতত লিপ্ত হৈছে৷ চিনেমাখনৰ শ্বুটিঙৰ বাবে প্রায় ৫৯৯ একৰ বনভূমি ধ্বংস কৰাৰ বাবে ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিবলৈ বন–পৰিৱেশ মন্ত্রী ঈশ্বৰ খান্দ্রেই পত্র লিখাৰ পিছতে মুখ্য সচিবগৰাকীয়ে ছবিৰ নির্মাতালৈ আইনী জাননী প্রেৰণ কৰিছে৷ উল্লেখনীয় যে ছবিখনৰ শ্বুটিং কৰি থকা বনভূমি ধ্বংস কৰা ভূমিখিনি হিন্দুস্তান মেচিন টুলছৰ অধীনত আছে৷ লক্ষণীয় যে সংৰক্ষিত বনভূমি হিন্দুস্তান মেচিন টুলছলৈ কোনো আনুষ্ঠানিক অধিসূচনা নোহোৱাকৈ দিয়া হৈছিল৷ এনে কাৰণতে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ ভূমিখিনিৰ স্বত্বক লৈ সংঘাত চলি আছে৷