শ্বাহৰুখৰ চমকেৰে বক্স অফিচত হাল্লাবোল
বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ শ্বাহৰুখ খানৰ ছবি ‘জৱান’-এ ইটোৰ পিছত সিটোকৈ নতুন ইতিহাসৰ সৃষ্টি কৰিছে। ছবিখন শ্বাহৰুখৰ বাবে যেন এক আশীৰ্বাদতকৈও কম নহয়। যোৱা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পোৱা ‘জৱান’ ছবিখনে মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ঢৌ তুলিছে। ইয়াৰ পূৰ্বে ‘পাঠান’নেও কৰিছিল বিপুল পৰিমাণ ধন। ইয়াৰ পিছত এতিয়া শ্বাহৰুখ খানৰ নামত এটা ডাঙৰ অভিলেখ পঞ্জীয়ন হৈছে। চলিত বৰ্ষত কিং খানৰ দুখন ছবি মুক্তি পোৱাৰ লগতে দুয়োখন ছবিয়ে সৰ্বাধিক উপাৰ্জনৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে শ্বাহৰুখ খান দ্বিতীয়জন অভিনেতা হিচাপে পৰিগণিত হৈছে যাৰ এবছৰত মুক্তি পোৱা দুখন ছবিয়ে সৰ্বোচ্চ সংগ্ৰহ লাভ কৰিছে। ইয়াৰ পূৰ্বে এই অভিলেখ ৰাজ কাপুৰৰ নামত আছিল যাৰ দুখন ছবি ‘বৰছত’ আৰু ‘আন্দাজ’-এ বক্স অফিচত সৰ্বাধিক উপাৰ্জনৰ খিতাপ পঞ্জীয়ন কৰিছিল। ‘জৱান’-এ এই পৰ্যন্ত ঘৰুৱা বক্স অফিচত ৫৮৪.৩২ কোটি টকা সংগ্ৰহ কৰিছে। এই ছবিখনৰ মুঠ বিশ্বব্যাপী সংগ্ৰহও ১০৪৩.২১ কোটি টকা হৈছেগৈ। ‘পাঠান’ৰ কথা ক’বলৈ গ’লে চলিত বৰ্ষৰ জানুৱাৰী মাহত মুক্তি পোৱা ছবিখনে ঘৰুৱা বক্স অফিচত ৫৪০.৫১ কোটি টকা উপাৰ্জন কৰি বিশ্বজুৰি ১০৪৭ কোটি টকাৰ ব্যৱসায় কৰিছিল। এইদৰে শ্বাহৰুখ খানৰ দুখন ছবিয়ে একেলগে এবছৰত বিশ্বজুৰি ২০০০ কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ‘জৱান’ আৰু ‘পাঠান’ৰ সংকলনেৰে শ্বাহৰুখ খান প্ৰয়াত প্ৰবীণ অভিনেতা ৰাজ কাপুৰৰ সমতুল্যলৈ আহিছে। ১৯৪৯ চনত ৰাজ কাপুৰৰ দুখন ছবি ‘বৰছাত’ আৰু ‘আন্দাজ’ মুক্তি পায়, যিয়ে এবছৰৰ ভিতৰত সৰ্বাধিক উপাৰ্জন লাভ কৰে। এইদৰেই ৰাজ কাপুৰে এবছৰত দুখন সৰ্বকালৰ উপাৰ্জনকাৰী ছবি দিয়া প্ৰথমজন অভিনেতা হিচাপে পৰিগণিত হয়। উল্লেখযোগ্য যে শ্বাহৰুখ খানৰ তৃতীয়খন ছবি ‘ডিংকি’ও চলিত বৰ্ষত মুক্তি পাবলৈ গৈ আছে। ২২ ডিচেম্বৰত মুক্তি পাব ৰাজকুমাৰ হিৰাণীৰ পৰিচালিত ছবি ‘ডিংকি’ আৰু যদিহে ‘পাঠান’ আৰু ‘জৱান’ৰ দৰে ১০০০ কোটি টকাৰো অধিক ধন সংগ্ৰহ কৰে, তেন্তে ৰাজ কাপুৰক চেৰ পেলাই শ্বাহৰুখ খানে সৰ্বকালৰ তৃতীয়টো উপাৰ্জনকাৰী হিচাপে পৰিগণিত হ’ব এবছৰৰ ভিতৰত।