নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ সন্মুখত ক’ৰোনাত আক্রান্ত গায়ক কুমাৰ ছানু, ব্যথিত অনুৰাগী

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ এজনৰ পাছত এজন ছেলিব্ৰিটি আক্ৰান্ত হৈছে ক’ৰোনাত। এইবাৰ ক’ৰোনাত আক্ৰান্ত বলীউডৰ প্ৰৱীণ গায়ক কুমাৰ ছানু। বৃহস্পতিবাৰে নিশা ফেছবুক পেজৰ যোগেদি তেওঁৰ টীমে জনালে এই কথা।

সূত্রৰ খবৰ অনুসৰি, কণ্ঠশিল্পীগৰাকী বিগত কেইবাদিন ধৰি জ্বৰত ভুগি আছিল। নিয়ম মানি ক’ৰোনা পৰীক্ষা কৰাৰ পাছতেই তেওঁৰ ৰিপোর্ট পজিটিভ আহে। অৱশ্যে এই পৰ্যন্ত তেওঁ নিজৰ বাসগৃহতে আছে নে হাস্পতালত ভৰ্তি হৈছে সেই বিষয়ে জানিব পৰা হোৱা নাই। ফেছবুকত তেওঁৰ অফিছিয়েল পেজত লিখা হৈছে, “দুর্ভাগ্যজনক খবৰ! সকলোৰে প্রিয় ছানুদা ক’ৰোনাত আক্রান্ত হৈছে। তেওঁৰ দ্রুত আৰোগ্যৰ বাবে সকলোৱে প্রার্থনা কৰক।”

You might also like