নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৰত চকা ঘূৰাই ছানী দেউলৰ বীৰত্ব…

বিশেষ বাৰ্তা, ১২ জুনঃ ছানী দেউল আৰু আমিশা পেটেল অভিনীত ছবি ‘গদাৰ : এক প্ৰেম কথা’ ২০০১ চনত মুক্তি পাইছিল। ছবিখনে চলচ্চিত্ৰপ্ৰেমীৰ মাজত খলকনি তুলিছিল। ছবিখনৰ ছাকিনা আৰু তাৰা সিঙৰ প্ৰেম কাহিনীয়ে দৰ্শকৰ হৃদয় চুই গৈছিল। অনুৰাগীসকলে ছবিখনৰ ছিকুৱেলৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে ছবি নিৰ্মাতাসকলে ‘গদাৰ ২’ৰ টিজাৰ মুকলি কৰিছে। ‘গদাৰ ২’ৰ টিজাৰৰ আৰম্ভণিতে নাৰীকণ্ঠৰ সংলাপ- “পাকিস্তানৰ জোঁৱাই হয় তেওঁ, তেওঁক নাৰিকল দিয়া, ফোঁট লগোৱা, নহ’লে এইবাৰ যৌতুক হিচাপে লাহোৰ লৈ যাব’। ইয়াৰ পিছতে এংগ্ৰীমেন লুকত ছানী দেউলৰ লাহোৰত এন্ট্ৰী। টিজাৰত এইবাৰ ছানী দেউলক হেণ্ড পাম্পৰ সলনি ডাঙৰ চকা এটা লৈ একচন দৃশ্যত দেখা গৈছে। বহু প্ৰত্যাশিত ছবিখন ২০২৩ চনৰ ১১ আগষ্টত ছবিগৃহত মুক্তি পাব। ছবিখনে জনসাধাৰণৰ পৰা ভাল সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। জি ষ্টুডিঅ’ৰ চিবিঅ’ শ্বৰিক পেটেলে কয়- ‘গদাৰ: এক প্ৰেম কাহিনীৰ পুনৰ মুক্তিত আমি যি সঁহাৰি পাইছোঁ, তাত আমি আপ্লুত হৈছোঁ, ই প্ৰমাণ কৰে যে কেনেকৈ গদাৰ কেৱল জনসাধাৰণৰ বাবে এখন ছবি নহয়, বৰঞ্চ এক আৱেগ হৈ পৰিছে। আমি অনুৰাগীসকলৰ বাবে বিশেষ উপহাৰ হিচাপে ‘গদাৰ ২’ৰ টিজাৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু ৩ দিনৰ পিছত টিজাৰটো ডিজিটেলভাৱে মুকলি কৰাটো আমাৰ কৌশল আছিল, আমি আশা কৰিছোঁ যে অনুৰাগীসকলে আমাক গদাৰ-২ত সমানেই সঁহাৰি দিব’। অভিনেতা ছানী দেউলে কয়- ‘গদাৰ ২-এ ইয়াৰ আইকনিক প্ৰথম খণ্ডৰ উত্তৰাধিকাৰক আগুৱাই লৈ গৈছে। ভাৰতৰ এখন প্ৰিয় পাৰিবাৰিক ছবি ঘূৰাই আনিব পৰাটো আশীৰ্বাদ। আশা কৰা হৈছে যে বিশ্বই পুনৰ মুকলি হৃদয়েৰে তাৰা আৰু ছাকিনাক আদৰি ল’ব।’

You might also like