নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত কহিনুৰ থিয়েটাৰৰ ৪৯ সংখ্যক নাট্যবর্ষ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ নাট্যনগৰী পাঠশালাৰ গৌৰৱ তথা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ অন্যতম মুকুটাস্বৰূপ কহিনুৰ থিয়েটাৰৰ ৪৯ সংখ্যক নাট্যবৰ্ষৰ যোৱা ২৬ আগষ্টৰ সন্ধিয়া উদ্বোধন কৰা হয়৷ ২০২৪-২৫ নাট্যবৰ্ষৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি তথা পাঠশালাত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ আগন্তুক অধিবেশনৰ আদৰণাী সমিতিৰ সম্পাদক গিৰিধৰ চৌধুৰীয়ে। উদ্বোধনী ভাষণত চৌধুৰীয়ে অসমত নাট্য আন্দোলনৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি ভ্ৰাম্যমাণ থিয়েটাৰলৈকে বিভিন্ন দিশ সামৰি এক চমু অৱলোকন কৰে৷ কহিনুৰ থিয়েটাৰৰ প্রতিষ্ঠাপক প্রযোজক প্রয়াত ৰতন লহকৰৰ প্রতিচ্ছবিত মাল্যার্পণ আৰু বন্তি প্রজ্বলন কৰে প্রয়াত লহকৰৰ পুত্র তথা কহিনুৰ থিয়েটাৰৰ প্রযোজক তপন লহকৰে। আনহাতে কহিনুৰ থিয়েটাৰৰ সোনালী জয়ন্তীৰ ৰেঙনি বৰ্ষ হিচাপে এই শুভ নাট্যাৰম্ভ অনুষ্ঠানত আৱাহন থিয়েটাৰৰ প্রতিষ্ঠাপক প্রযোজক কৃষ্ণ ৰয় আৰু বিশিষ্ট নাট্যকাৰ, অভিনেতা তথা পৰিচালক চম্পক শৰ্মাক কহিনুৰ থিয়েটাৰ পৰিয়ালৰ তৰফৰ পৰা বিশেষভাৱে সম্বর্ধনা জনোৱা হয়। সম্বৰ্ধিত দুয়োগৰাকী বিশিষ্ট নাট়্যযোদ্ধাই ভ্রাম্যমাণ নাট্যক্ষেত্ৰখনৰ সন্দৰ্ভত সাৰুৱা ভাষণ প্রদান কৰে। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভূপেশ খাটনিয়াৰে আঁত ধৰা অনুষ্ঠানটোত পাঠশালা পৌৰসভাৰ পৌৰপতি জলি চৌধুৰী, উপ-পৌৰপতি ৰাতুল ৰয়, অনিল ডেকা, লক্ষেশ্বৰ দাস আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ উল্লেখ্য যে সোনালী জয়ন্তীলৈ আৰু এটা মাত্ৰ নাট্য বৰ্ষ বাকী থকা কহিনুৰ থিয়েটাৰৰ এইবেলিৰ নাট্যবৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ পিচতেই দৰ্শকেৰে ঠাহ খাই পৰা অস্থায়ী প্রেক্ষাগৃহত বিশিষ্ট নাট্যকাৰ চম্পক শৰ্মা ৰচিত আৰু তপন লহকৰ পৰিচালিত নাট ‘বনৰীয়া ফুল’ মঞ্চস্থ কৰা হয়। ২০২৪-২৫ বর্ষত কহিনুৰ থিয়েটাৰে তিনিখন ভিন্ন ৰুচিসম্পন্ন নাট ক্ৰমে চম্পক শৰ্মাৰ ‘বনৰীয়া ফুল’, মৃদুল চুতীয়াৰ ‘পিঞ্জৰা’ আৰু ৰাজদ্বীপৰ ‘ব্রহ্মপুত্র’ মঞ্চস্থ কৰিব। কহিনুৰ থিয়েটাৰত এইবেলি অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ আৰক্ষী পৰিদর্শকখ্যাত প্রীতম বৰুৱা, সুদক্ষ অভিনেতা কৃষ্ণমণি নাথ, হেমেন শর্মা, ত্রিদীপ ৰয়, বিভাষ শৰ্মা, হেমেন শৰ্মা, ত্ৰিদীপ ৰয়, ৰাজদ্বীপ মহন্ত, মুন কলিতা, দীপক তালুকদাৰ, বলিষ্ঠ অভিনেত্ৰী গিৰিজা মহন্ত, ভায়োলিনা বৰুৱা, জেৰিণা বৰুৱা, মধুমিতা পৰাশৰ সমন্বিতে বহুতো ন-পুৰণি অভিনেতা অভিনেত্ৰী৷

প্ৰেৰক কল্যাণ কলিতা

You might also like