নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯১সংখ্যক নলবাৰী ৰাস মহোৎসৱত যোৱা বৰ্ষৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বঁটা

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ নলবাৰীৰ পৱিত্ৰ শ্ৰীশ্ৰীহৰিমন্দিৰত প্ৰতিবছৰে ৰাস মহোৎসৱত বিভিন্ন কাৰ্যসূচীৰ উপৰি কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰদৰ্শন কৰা হয়। ২০২৩ বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত ৯০সংখ্যক ৰাস মহোৎসৱ বিশাল আয়োজনৰে অনুষ্ঠিত হৈছিল। ৰাস মহোৎসৱত অসমৰ ১৩টা আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ দলে নাট প্ৰদৰ্শন কৰিছিল। আনহাতে ভ্ৰাম্যমাণ থিয়েটাৰৰ বিভিন্ন শাখাত শ্ৰেষ্ঠ নাট্যদল, শ্ৰেষ্ঠ নাটক, অভিনেতা-অভিনেত্ৰী কলা-কুশলী আদিৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ৯০সংখ্যক ৰাস মহোৎসৱ সমিতিয়ে। ইতিমধ্যে সেই বৰ্ষতে বিচাৰকৰ দ্বাৰা শ্ৰেষ্ঠ বিষয়সমুহৰ ওপৰত গুৰুত্ব দি বঁটাসমুহ ঘোষণা কৰিছিল ৰাস মহোৎসৱ শেষৰ নিশা অৰ্থাৎ ৮ ডিচেম্বৰত। কিন্তু বিভিন্ন কাৰণত এই বঁটা প্ৰদান অনুষ্ঠানটো স্থগিত কৰা হৈছিল। কিন্তু হৰিমন্দিৰ কাৰ্যনিৰ্বাহ সমিতিৰ সিদ্ধান্ত অনুসৰি ৯১সংখ্যক নলবাৰী ৰাস মহোৎসৱত বিগত বৰ্ষৰ ঘোষণা কৰা ধৰণে বিভিন্ন শিতানৰ পুৰস্কাৰসমুহ প্ৰদান কৰা হব। উল্লেখ যে যোৱা বৰ্ষত বঁটা লাভ কৰিছিল ক্ৰমে শ্ৰেষ্ঠ নাট্যদল ৰাজমুকুট থিয়েটাৰ, শ্ৰেষ্ঠ নাটক “প্ৰভুভক্ত” (বৃন্দাবন থিয়েটাৰ), শ্ৰেষ্ঠ জনপ্ৰিয় নাটক মোৰ কেঁচুৱাই কান্দিছে (থিয়েটাৰ সূৰ্য্য), শ্ৰেষ্ঠ অভিনেতা উৎপল দাস, শ্ৰেষ্ঠ অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, শ্ৰেষ্ঠ খলনায়ক বঁটা যোগেশ কাশ্যপ, শ্ৰেষ্ঠ সহঃ অভিনেতা নৱজ্যোতি কাশ্যপ, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কাজল শৰ্মা, শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা নাজিমুল ইছলাম, শ্ৰেষ্ঠ নাট্যকাৰ মৃদুল চুতীয়া, শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্য দল হেঙুল থিয়েটাৰ, শ্ৰেষ্ঠ মঞ্চসজ্জা বিপুল ৰয়, শ্ৰেষ্ঠ আলোকশিল্পী বঁটা চম্পক কলিতা, শ্ৰেষ্ঠ নৃত্য শিল্পী বঁটা লুইতপৰীয়া থিয়েটাৰৰ শিল্পীসকল। বঁটাসমুহত থাকিব নগদ ধন, স্মাৰক, চেলেং চাদৰ, ফুলাম গামোচা, জাপি আৰু মানপত্ৰ আদি থাকিব। শ্ৰেষ্ঠ নাট্যদলক ৫০ হাজাৰ টকাৰ বিপৰীতে আন বঁটাসমুহ ক্ৰমান্বয়ে ২৫ হাজাৰ আৰু ২০ হাজাৰ টকাকৈ প্ৰদান কৰিব।
প্ৰেৰক বীৰেন কলিতা
You might also like