নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ‘ৰং’ চেনেলত ধাৰাবাহিক ‘কঁহুৱা বনৰ ছাঁ’

বিশেষ বাৰ্তা, ৩ জুলাই : প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ দর্শকৰ বাবে লৈ আহিছে এখন নতুন ধাৰাবাহিক ‘কঁহুৱা বনৰ ছাঁ’৷ আজিৰ পৰা সন্ধিয়া ৮.৩০ বজাত ধাৰাবাহিকখন সম্প্রচাৰ হ’ব৷ বহু অসমীয়া ছবিত সহকাৰী, মুখ্য সহকাৰী পৰিচালক ৰূপে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট, লগতে অসমৰ নাট্য জগতৰ এক চিনাকি নাম ৰণাল হুছেইনৰ পৰিচালনাৰে এইখন নতুন অসমীয়া ধাৰাবাহিক কঁহুৱা বনৰ ছাঁ৷ ধাৰাবাহিকখনৰ কাহিনী, সংলাপ, চিত্রনাট্য ৰচনা কৰিছে ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ নতুন দিল্লীৰ স্নাতক পৰাগ বৰুৱা আৰু নৱনীতা বৈৰাগীয়ে৷ সকলো স্তৰৰে দর্শকক আকর্ষণ কৰিব পৰা সমলেৰে পূর্ণ ধাৰাবাহিকখনৰ কাহিনী আগবাঢ়িছে সমাজৰ দৃষ্টিত নষ্ট ল’ৰা অভয় আৰু এগৰাকী ভাল ছোৱালীৰ সকলো গুণেৰে পূর্ণ কঁহুৱাৰ প্রেম আৰু জেনীৰ বন্ধুত্বৰ মাজেৰে জনার্দন দত্তৰ মৃত্যুৰ পাছত মাক নিজৰাৰ ছাঁত পৰিয়ালৰ গুৰিব’ঠা ধৰিবলৈ আৰম্ভ কৰিছে ঘৰৰ ডাঙৰ সন্তান পলাশে৷ ঘৰখনৰ সকলোৰে চিন্তাৰ মূল কাৰণ অভয়ৰ স্বভাৱ৷ কাৰণ দেউতাকৰ ছাঁৰ শূন্যতাত অভয় এখন ব’ঠাবিহীন নাও৷ যাৰ বাবে লগৰ ল’ৰাই কলেজ সামৰিলে যদিও অভয় বর্তমানো কলেজৰ ছাত্র৷ বন্ধু বুলিবলৈ অভয়ৰ জীৱনত জেনী আৰু মাইকেলহে আছে৷ যাৰ সন্মুখত অভয়ে নিজকে খুলি দিব পাৰে৷ জেনীৰ জীৱনত কেৱল তিনিজন মানুহে আছে আইতাক, ভায়েক জয় আৰু বন্ধু অভয়…৷ কিন্তু অভয় জেনীৰ বাবে কেৱল বন্ধুৱেইনে? এনে এক দোমোজাৰ মাজত অভয়ৰ জীৱনলৈ আহে কঁহুৱা…৷ কঁহুৱাৰ পিতৃ নির্মলৰ ইতিমধ্যে মৃত্যু হৈছে৷ সেয়াও এক ৰহস্য৷ হয়তো সত্যই কাল হ’ল নির্মলৰ বাবে৷ নির্মলৰ অবর্তমানত মাক জোনালীয়ে কঁহুৱা আৰু ভনীয়েক মৌক ভাল মানুহ ৰূপে গঢ়ি তুলিবলৈ সংগ্রাম কৰিছিল৷ কঁহুৱায়ো মাকক সহায় কৰিবলৈ চেষ্টা কৰিছে আৰু সবলভাৱে নিজকে অভয়ৰ পৰা আঁতৰাই ৰাখিছে৷ কঁহুৱা আৰু অভয়ৰ পৰিয়ালৰ অতীতৰ এটা ঘটনাৰে বান্ধ খাই থাকে৷ য’ত লুকাই থাকে অভয়ৰ জন্ম ৰহস্য৷ কিন্তু এই বিষয়ে অভয় জ্ঞাত নহয়৷ ইয়াৰ পৰা কাহিনীত আৰম্ভ হয় সংঘাত৷ মাক নিজৰাই এই সত্য লুকুৱাই ৰাখিবলৈ সংগ্রাম কৰে৷ কিন্তু নিজৰাই পাৰেনে এই সত্যক লুকুৱাই ৰাখিব? নে এই সত্যই থানবান কৰিব জর্নাদনৰ পৰিয়ালক? পাৰিবনে কঁহুৱাই নিজকে অভয়ৰ পৰা আঁতৰাই ৰাখিব? নে অভয়ে নিজৰ কৰি ল’ব কঁহুৱাক? – এই সকলো প্রশ্ণৰ উত্তৰেই ‘কঁহুৱা বনৰ ছাঁ’৷ কৃষ্ণ শ্বাহ আৰু কিংকু ৰাজবংশীয়ে চিত্রগ্রহণ কৰা কঁহুৱা বনৰ ছাঁৰ মুখ্য সহকাৰী পৰিচালক পৱিত্র খাউণ্ড আৰু সহকাৰী পৰিচালক ফাৰহাজ হুছেইন৷ ধাৰাবাহিকখনত অভিনয় কৰিছে মিণ্টু বৰুৱা, মঞ্জুলা হাজৰিকা, ৰুম্পা ভট্টাচার্য, কমল লোচন, নীলিম দত্ত, পৰাগ বৰুৱা, মিতু কাশ্যপ, এনিশা হাজৰিকা, জ্যোতিশ্রী আৰ ইউ বৈশ্য, অশ্লেষা কাশ্যপ, দীপশিখা বৰা, ৰণধীৰ গোস্বামী, সাত্ব্ন্না ঠাকুৰীয়া, বিপুল বৰা, অয়নজিৎ, ময়ূৰ ভৰদ্বাজ, হিমাশ্রী শর্মা, অভয় দিচাং আদিয়ে৷ গুৱাহাটীৰ বিভিন্ন লোকেচনত দৃশ্যগ্রহণ কৰা ধাৰাবাহিকখনৰ কার্যবাহী প্রযোজনা নিশান্ত মহন্তৰ৷ দীক্ষু আৰু প্রিয়াক্ষী পাচনীয়ে কণ্ঠ নিগৰোৱা শীর্ষ সংগীতৰ কথা, সুৰ অংশুমান বৰুৱা আৰু অর্ণৱ বশিষ্ঠৰ৷ ৰূপসজ্জা সংগীত গগৈ আৰু নিপন কলিতাৰ৷ ধাৰাবাহিকখনে দর্শকৰ বিপুল সঁহাৰি লাভ কৰিব বুলি আশাবাদী ৰং কর্তৃপক্ষ৷

You might also like