অসমত পুনৰ নতুনকৈ ১ জনৰ দেহত COVID-19 পজিটিভঃ আক্ৰান্তৰ সংখ্যা মুঠ ২৪ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ শুকুৰবাৰে নিশা পুনৰ ৰাজ্যত নতুনকৈ ১ জনৰ দেহত COVID-19 পজিটিভ পোৱা যায় । যাৰ পাছতে ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে ।
ইপিনে নতুনকৈ আক্ৰান্ত লোকজন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বুলি জানিব পৰা গৈছে । এই আক্ৰান্ত লোকজন গোলাঘাটৰ বুলি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে ।
Alert ~ One more #Covid_19 positive case from Golaghat has been confirmed, taking the total number in Assam to 24,
This case is related to #NizamuddinMarkaz event in Delhi.
Update at 00.19 am / April 4
— Himanta Biswa Sarma (@himantabiswa) April 3, 2020
উল্লেখ্য যে কিছুসময় পূৰ্বে ৩ জনৰ দেহত COVID-19 পজিটিভ পোৱা গৈছিল । এইলোক কেইজন ক্ৰমে কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য আৰু মৰিগাঁৱৰ আছিল ।