নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ ৰাজ্যত সক্ৰিয় হৈ থকা গৰুৰ চোৰাং বেহাক লৈ সোমবাৰে বিধানসভাত সৰৱ হৈ পৰিল শাসকীয় দলৰ বিধায়িকা সুমন হৰিপ্ৰিয়া । বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনা বিশেষ প্ৰসংগত গৰুৰ চোৰাং বেহাক লৈ যথেষ্ট আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰা বিধায়িকাগৰাকীয়ে কয়- এতিয়া গৰুৰ চোৰাং বেহাৰ খবৰ সঘনাই প্ৰচাৰিত হয় । পূৰ্বতে এনে খবৰ পোৱা নাছিলো । গতিকে এই চোৰাং বেহা অতি সোনকালে প্ৰতিৰোধ কৰিব লাগে । অসমৰ গৰুৰে এতিয়া ধনী হৈছে বাংলাদেশ । সুমন হৰিপ্ৰিয়াৰ এনে অভিযোগৰ বিপৰীতে চৰকাৰৰ ভাষ্য– গৰুৰ চোৰাং বেহাৰ ক্ষেত্রত কঠোৰ হৈছে চৰকাৰ৷ সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই সন্দর্ভত তথ্য দাঙি ধৰি কয় যে গৰুৰ চোৰাং বেহাক লৈ যে চৰকাৰে ক্ষিপ্র পদক্ষেপ লৈছে, সেয়া শেহতীয়াকৈ আৰক্ষীয়ে গৰুভর্তি ট্রাকসমূহ জব্দ কৰাৰ পৰাই স্পষ্ট হৈছে৷ ৰাজ্যত জনৈক হুছেইন নামৰ বিহাৰৰ এজন লোকে যোৰাবাটত কার্যালয় খুলি অবৈধভাৱে গৰুৰ বেহা চলাই আছিল৷ আৰক্ষীয়ে ইতিমধ্যে এই লোকজনক গ্রেপ্তাৰ কৰিছে৷ মন কৰিবলগীয়া যে ৰাজ্যত গৰুৰ চোৰাং বেহাত একাংশ প্রভাৱশালী তথা ৰাজনৈতিক নেতা জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধী দলসমূহে৷ আনকি একাংশ সংগঠনেও এনে চোৰাং বেহাক লৈ শাসকীয় বিজেপিলৈ আঙুলিয়াই আহিছে৷ এনে অভিযোগৰ বিপৰীতে আজি সংসদীয় পৰিক্রমা মন্ত্রী পাটোৱাৰীৰ মন্তব্য– শাসনলৈ অহাৰ পাছতে এই চৰকাৰখনে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ আহিছে৷ ২০১৬ চনৰ ১ জুনৰ পৰা চলিত বর্ষৰ ২২ ফেব্রুৱাৰীলৈ গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে ৮৮৯টা গোচৰ পঞ্জীয়ন কৰা হৈছে৷ সেয়াই নহয়, এই বেহাৰ লগত জড়িত ১,১৩০জনক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ লগতে ১৪,৫৫৯টা গৰু আৰু ৩০৯খন গাড়ী জব্দ কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে বাংলাদেশ সীমান্তৰে গৰুৰ বেহা যাতে কৰিব নোৱাৰে, তাৰ বাবে সীমান্ত সুৰক্ষা বাহিনীকো সজাগ কৰি দিয়া হৈছে৷ ইয়াৰ পর্বে বিজেপিৰ বিধায়িকা সুমন হৰিপ্রিয়াই গৰুৰ চোৰাং বেহা কংগ্রেছৰ দিনত ইমান বৃহৎ হাৰত হোৱা নাছিল বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷
Next Post
You might also like