নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত আৰক্ষীৰ বৃহৎ পদক্ষেপ, ধ্বংস কৰা হ’ল ছয় কোটি টকাৰ ড্ৰাগছ

ডিজিটেল ডেস্ক, মানকাচৰ, ১২ জুলাই : ড্ৰাগছৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ এক বৃহৎ সফলতা আৰু তৎপৰতা দেখিবলৈ পোৱা গৈছে। জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে জব্দ কৰা প্ৰায় ৬ কোটি টকাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী আজি আনুষ্ঠানিকভাৱে দাহ কৰি নষ্ট কৰা হয়।

মানকাচৰৰ চোমৰাশালি কোদালদোৱাত আজি আৰক্ষীয়ে এই বিশাল পৰিমাণৰ ড্ৰাগছ দাহ কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীৰ অধীনত বিগত সময়ছোৱাত অভিযান চলাই জব্দ কৰা হৈছিল এই ড্ৰাগছসমূহ। আদালতৰ নিৰ্দেশ আৰু প্ৰক্ৰিয়া অনুসৰি আজি এই সকলো সামগ্ৰী জুই লগাই নষ্ট কৰা হয়।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত দাহ কৰা হয় ড্ৰাগছখিনি। ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫ কোটি ৯১ লাখ টকা । নষ্ট কৰা ড্ৰাগছ হ’ল হেৰ’ইন ৬৪৯ গ্ৰাম, নিচাজাতীয় কেপছুল ৯,৪৫৯টা, য়াবা টেবলেট ৭৭,৪৯৪টা, অন্যান্য টেবলেট ৫৯৫টা, কফ ছিৰাপ ৯০৭ বটল আৰু গাঞ্জা ৩৬ কেজি ২৪৯ গ্ৰাম ।

You might also like