নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৱে গঠন নকৰে বিকল্প ৰাজনৈতিক দল, ৰাইজে ল’ব সিদ্ধান্ত !

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাই কোনো ৰাজনৈতিক দল গঠন নকৰে । অসমত বিকল্প ৰাজনৈতিক দল গঠনক লৈ চৰ্চা চলি থকাৰ সময়তে দিল্লীৰ এখন সংবাদমেল সম্বোধন কৰি আছুৰ শীর্ষ নেতৃত্বই এই কথা স্পষ্ট কৰি দিয়ে৷

লক্ষণীয়ভাৱে সংবাদ মেলত অসমত বিকল্প ৰাজনৈতিক দল গঠনৰ বিষয়টোত সাংবাদিকসকলে আছুৰ নেতৃত্বক উপর্যুপৰি প্রশ্ন কৰে৷ ইয়াৰ উত্তৰত ছাত্র সন্থাৰ মুখ্য ডপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই বাৰম্বাৰ এটা কথা স্পষ্ট কৰি দিয়ে যে আছু হৈছে এটা অৰাজনৈতিক সংগঠন৷ অসমীয়া তথা খিলঞ্জীয়াৰ স্বার্থ ৰক্ষাৰ বাবে আছুৱে আগতেও আন্দোলন কৰি গৈছিল৷ ভৱিষ্যতেও কৰি যাব৷ পিছে আছুৰ এই অৰাজনৈতিক চৰিত্র অনাগত দিনতো অক্ষুণ্ণ থাকিব৷

ছাত্র নেতাজনৰ বক্তব্য– কংগ্রেছে আই এম ডি টি আনি বিদেশীক ৰক্ষণাবেক্ষণ দিছিল৷ এতিয়া বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন (কা) আনি বিদেশীক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে৷ সেয়েহে ৰাজনৈতিকভাৱে অসমৰ বাবে দুয়োটা ৰাজনৈতিক দলৰ চৰিত্র একেই৷ পিছে বিকল্প কি? সাংবাদিকৰ এই প্রশ্নৰ উত্তৰত ভট্টাচার্যৰ তাৎপর্যপূর্ণ বক্তব্য– বিকল্প ৰাজনৈতিক দল গঠনৰ বাবে ৰাইজৰ মাজত আলোচনা চলি আছে৷ ৰাইজেই বিকল্প ৰাজনৈতিক দল গঠনৰ বিষয়টোত সিদ্ধান্ত গ্রহণ কৰিব৷ মন কৰিবলগীয়া যে সমগ্র দেশত চলি থকা ‘কা’বিৰোধী আন্দোলনৰ সৈতে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ আন্দোলন যে কিছু সুকীয়া, সেই কথা ৰাষ্ট্রীয় পর্যায়ত দাঙি ধৰাৰ বাবেই আছুৰ লগতে উত্তৰ–পূব ছাত্র সংগঠন নেছ’ৰ নেতৃবৃন্দই সন্মিলিতভাৱে নতুন দিল্লীত এই সংবাদ মেলৰ আয়োজন কৰিছিল৷

You might also like