নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰৰ পৰামৰ্শত পিএমঅ’য়ে বাতিল কৰিলে মোদীৰ গুৱাহাটী ভ্ৰমণ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে ‘খেলো ইণ্ডিয়া’ ৰ উদ্বোধনী অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী ভ্ৰমণ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

প্রধানমন্ত্রী কার্যালয়ে সোমবাৰে দিছপুৰলৈ এই বার্তা প্রেৰণ কৰা বুলি জানিব পৰা গৈছে৷ সূত্র মতে, ‘কা’বিৰোধী আন্দোলনৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে প্রধানমন্ত্রীক গুৱাহাটী ভ্রমণ নকৰাৰ পৰামর্শ দিছিল৷

বিশেষকৈ দেওবাৰে ভাৰত–শ্রীলংকাৰ টি–২০ মেচ বাতিল হোৱাৰ পূর্বে দর্শকসকলৰ ‘কা’বিৰোধী শ্লোগানৰ পিছত ৰাজ্য চৰকাৰে বিশেষ সতর্কতা অৱলম্বন কৰিছে৷

১০ জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ‘খেলো ইণ্ডিয়া’ উদ্বোধন কৰিবলৈ আহি প্রধানমন্ত্রী নৰেন্দ্র মোদী যাতে কোনোধৰণৰ অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্রধানমন্ত্রী কার্যালয়লৈ পৰামর্শ প্রেৰণ কৰা হৈছিল৷ ইয়াৰ পিছত কালি আনুষ্ঠানিকভাৱে প্রধানমন্ত্রী কার্যালয়ে মোদীৰ কার্যসূচী বাতিল কৰা হৈছে বুলি অসম চৰকাৰলৈ বার্তা প্রেৰণ কৰে৷

জানিব পৰা মতে, ১০ জানুৱাৰীত ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ উদ্বোধনৰ উপৰি প্রধানমন্ত্রীৰ এটা বেচৰকাৰী কার্যসূচীত অংশগ্রহণ কৰাৰ কথা আছিল৷ উক্ত অনুষ্ঠানৰ কার্যসূচীও বাতিল কৰা হৈছে৷

মন কৰিবলগীয়া যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘খেলো ইণ্ডিয়া’ উদ্বোধন কৰিবলৈ গুৱাহাটীত উপস্থিত হ’লে সদৌ অসম ছাত্র সন্থাকে ধৰি ৰাজ্যৰ জাতীয় দল–সংগঠনসমূহে প্রতিবাদ সাব্যস্ত কৰিব বুলি ইতিমধ্যে হুংকাৰ দি থৈছে৷

ইপিনে মঙলবাৰে নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি আছুৰ শীর্ষ নেতৃত্বই পুনৰ প্রধানমন্ত্রীৰ অসম ভ্রমণৰ কালছোৱাত ‘কা’বিৰোধী প্রতিবাদ সাব্যস্ত কৰিব বুলি স্পষ্ট কৰি দিছে৷ ছাত্র সন্থাৰ মুখ্য ডপদেষ্টা সমুজ্জ্বল ভট্টাচার্যৰ বক্তব্য– ‘খেলো ইণ্ডিয়া’ চলি থাকক৷ আমাৰ কোনো আপত্তি নাই৷ বিভিন্ন ৰাজ্যৰ খেলুৱৈসকল আহক৷ আমি আদৰ–আপ্যায়ন কৰিম৷ কিন্তু প্রধানমন্ত্রীয়ে প্রতিযোগিতাখন উদ্বোধন কৰিবলৈ গ’লে তেওঁ প্রতিবাদৰ সন্মুখীন হ’ব৷ সেই কথা নিশ্চিত৷

You might also like