নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত জি–২০ৰ বহনক্ষম বিত্তীয় কর্মী গোটৰ বৈঠক

  • ইতিমধ্যে গুৱাহাটীত উপস্থিত বৈঠকত অংশগ্রহণ কৰিবলগীয়া মুঠ ৯৪ প্রতিনিধিৰ ভিতৰত ৯১গৰাকীৰ বুধবাৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন
  • প্রতিনিধিসকল কাজিৰঙাৰ সংৰক্ষণ সন্দর্ভত আলোচনাত মিলিত

নিয়মীয়া বাৰ্তা, ২ফেব্ৰুৱাৰীঃ জি–২০ৰ বহনক্ষম বিত্তীয় কার্যকৰী গোটৰ প্রথমখন বৈঠক আজি আৰু অহা ৩ ফেব্রুৱাৰীত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে গুৱাহাটীত উপস্থিত হোৱা বিভিন্ন দেশৰ প্রতিনিধিসকলক আদৰা হৈছে আৰু এতিয়ালৈ বৈঠকত অংশগ্রহণ কৰিবলগীয়া ৯৪ প্রতিনিধিৰ ভিতৰত ৯১গৰাকী উপস্থিত হৈছে৷ জি–২০ৰ ৰাষ্ট্রৰ উপৰি অতিথি দেশ আৰু আন্তঃৰাষ্ট্রীয় সংগঠনৰ প্রতিনিধি উক্ত বৈঠকত অংশগ্রহণ কৰিব৷ ভাৰত চৰকাৰৰ বিত্ত মন্ত্রালয়ৰ উপদেষ্টা চান্দনী ৰাইনা আৰু গিতু যোশীয়ে আজিৰ পৰা হ’বলগীয়া জি–২০ সন্মিলন সম্পর্কত  হোটেল ৰেডিছন ব্লুত আয়োজিত এক সংবাদ মেলত কয় যে জি–২০ বহনক্ষম বিত্তীয় কার্যকৰীগত লক্ষ্য হৈছে বিশ্বব্যাপী বিকাশ আৰু স্থিৰতা নিশ্চিত কৰাত সহায় কৰাৰ উপৰি এক সেউজ, অধিক স্থিতিস্থাপক আৰু সামগ্রিক সমাজ আৰু অর্থনীতিৰ দিশত পৰিৱর্তনৰ প্রচাৰ৷ গুৱাহাটীত অনুষ্ঠিতব্য এই দুদিনীয়া বৈঠকত জলবায়ু বৃত্তৰ বাবে সময় মতে আৰু পর্যাপ্ত সম্পদ সংগ্রহৰ প্রণালী, বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে বিত্ত ব্যৱস্থা সাজু কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে বিত্ত যোগানৰ বাবে পৰিৱেশ তন্ত্রৰ সমতা নির্মাণ সম্পর্কত আলোচনা কৰিবলৈ চাৰিখনকৈ ভিন ভিন বৈঠক অনুষ্ঠিত হ’ব৷ ভাৰতৰ জি–২০ৰ অধ্যক্ষতাৰ সাৰাংশ ‘বসুদৈব কুটুম্বকম’ বা ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ’ বিষয়বস্তু সন্নিৱিষ্ট কৰা হৈছে৷ বিষয়বস্তুটোৱে জনমুখী দৃষ্টিভংগীৰে এটা জীৱন অনুকূল গ্রহৰ প্রচাৰ–প্রসাৰৰ বাবে আন্তঃসংযোগ আৰু সেউজ পৰিৱর্তনৰ বার্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আগবঢ়োৱা এক দৃষ্টিভংগী ‘মিছন লাইফ’–এ ব্যক্তিসকলক জলবায়ু কার্যাৱলীৰ অনুসৰণত পৰিৱর্তন আৰু ৰাষ্ট্রসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য প্রাপ্তিত নজৰ ৰাখে৷ বৈঠকৰ সময়ত কেইবাটাও জনভাগীদাৰী অনুষ্ঠানৰ আয়োজন কৰা হৈছে, যাৰ ভিতৰত আছে– পৰিষ্কাৰ–পৰিচ্ছন্ন অভিযান, চিত্রাংকন আৰু শ্ল’গান প্রতিযোগিতা, এছডিজিৰ বাবে বিত্তীয় যোগানৰ ওপৰত আলোচনা–চক্র, বৃক্ষৰোপণ অভিযান আৰু জলবায়ু কার্যৰ বাবে উদ্ভাৱনীমূলক বিনিয়োগৰ ওপৰত জি–২০ৰ সন্মিলন৷

উল্লেখ্য যে গুৱাহাটীত আহি উপস্থিত হোৱা প্রতিনিধিসকলে  ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত উপস্থিত হয়৷ প্রতিনিধিসকলক কাজিৰঙাত প্রথমে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে কঁহৰাত থকা কাজিৰঙা সন্মিলন কেন্দ্রত বিভাগৰ দ্বাৰা বন্যপ্রাণীৰ সুৰক্ষাৰ বাবে গ্রহণ কৰা ব্যৱস্থা আৰু বন্যপ্রাণী অনুকূল ব্যৱস্থাৱলী সন্দর্ভত ব্যাখ্যা আগবঢ়ায়৷ ইয়াৰ পিছতে কঁহৰা আৰু বাগৰি বনাঞ্চলত জীপ ছাফাৰি কৰি কাজিৰঙাৰ মনোৰম প্রাকৃতিক সৌন্দর্য আৰু এটা খড়গযুক্ত গঁড়কে ধৰি বিভিন্ন বন্যপ্রাণীৰ বিচৰণ প্রত্যক্ষ কৰে৷ কাজিৰঙাৰ বন্যপ্রাণী আৰু প্রাকৃতিক পৰিৱেশ উপভোগ কৰি জি–২০ৰ প্রতিনিধিসকল অভিভূত হৈ পৰে৷

You might also like