নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত শিশু শ্ৰমিক আইন উলঙ্ঘা কৰি ইটা ভাটাত শিশুক ব্যৱহাৰ

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী – ৰাজ্যত সঘনাই চৰকাৰী ভাৱে ঘোষণা হয় শিশু শ্ৰমিক আইনে শিশুৰ অধিকাৰ সুৰক্ষিত কৰিব। ছ‌য় বছৰৰ পৰা চৈধ্য বছৰৰ শিশু সকলোক বিদ্যালয়ত ভৰ্তি কৰি বিদ্যালয়ৰ বৌদ্ধিক শিক্ষাৰে শিক্ষিত কৰিব। কিন্তু এয়া জানো সম্ভৱ হ’ব ! ৰাজ্যৰ ভিন্ন প্ৰান্তৰ উদ্যোগ, বাণিজ্যিক কেন্দ্ৰ, প্ৰতিস্থান অথবা হোটেল ৰেষ্টুৰেন্টত শিশু শ্ৰমিক নিয়োজিত হৈ থকা দৃশ্য সুলভ। এনে শিশু শ্ৰমিক সততে দেখা পোৱা যায় কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱা বালিঝাৰ অঞ্চলৰ ইটা ভাটাসমুহত। বৰুৱা বালিঝাৰ অঞ্চলৰ ইটা ভাটাসমুহত নীতি বহি:ৰ্ভুত ভাৱে নিয়োজিত হৈ আছে শ শ শিশু শ্ৰমিক।

উল্লেখ্য যে এই ইটা ভাটাৰ অসাধু মালিক পক্ষই চৰকাৰী ভাৱে ঘোষণা কৰা শিশু শ্ৰমিক আইন উলঙ্ঘা কৰি অপৰাধ সংঘটিত কৰিছে বুলি জানিব দিয়ে অঞ্চলটোৰ সমাজ সচেতন ৰাইজে। এই ইটা ভাটাৰ মালিক পক্ষই শিশু শ্ৰমিক আইন ভংগ কৰি অবৈধ ভাৱে শিশুক ব্যৱহাৰ কৰিছে। শিশুৰ মৌলিক অধিকাৰ খৰ্ব কৰা কাৰ্য্য নিন্দাৰ পাত্ৰ বুলি কয় একাংশ গঞাই। এই ক্ষেত্ৰত চৰকাৰী ভাৱে ঘোষণা কৰা শিশু শ্ৰমিক আইনৰ ধাৰা আৰু ইয়াৰ প্ৰয়োজনীয়তা ধোঁৱাচাঙত। আনহাতে শিশু শ্ৰমিক আইনৰ সজাগতাৰ ওপৰত চৰকাৰী ধন খৰছ কৰি সংশ্লিষ্ট বিভাগে কৰি আহিছে সজাগতা সভা, বাটৰ নাট আদিকে ধৰি বহু কাৰ্য্যসুচী। কিন্তু এচাম অসাধু বণিকে কেৰেপ নকৰে চৰকাৰী নীতি নিৰ্দেশনা। চলাই গৈছে আইন উলঙ্ঘাৰে শিশু শ্ৰমিকক ব্যৱহাৰ। ইফালে সমাজ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰে যে এই সকল অসাধু উদ্যোগীক নাকি লগাৱ পাৰিবনে চৰকাৰৰ প্ৰশাসনে ? এয়াহে পৰিলক্ষিত হ’ব।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like