নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ- কোনো কাৰণে কিবা ভাবৰ উদয় হ’ব পাৰে৷ উপর্যুপৰি চেষ্টাৰ দ্বাৰাও নিৰাশ হোৱাৰ ইয়ো এক কাৰণ হ’ব পাৰে৷ আজি শৰীৰো বৰ উন্নত নাযাব৷ বিদ্যাত অৱশ্যে বাধা কম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷
বৃষ- সহজাত–সুবুদ্ধি আৰু কর্মদক্ষতাৰ কামত ব্যৱহাৰ কৰক৷ কিন্তু প্রায় কামতে আপোনাৰ যেন অনাৱশ্যক মন্থৰ হ’ব৷ ভাই–ভনীৰ পৰা অৱশ্যে ভালেই দেখা যায়৷ শৰীৰৰ দুর্বলতা থাকিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷
মিথুন- মনোবল বৃদ্ধি পাব৷ ভ্রমণতো বেছি বাধা নাপাব৷ হাতলৈ ধন অহাৰ সুযোগ পাব৷ প্রেম–প্রীতিত সংগ সুখ দেখা যায়৷ শৰীৰ মধ্যম৷ দাম্পত্যত শুভ৷ কর্মতৎপৰ হোৱাৰ যত্ন কৰক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কর্কট- সাধাৰণ ধন উপার্জন৷ কোনো কাৰণে লেঠা ছিগা টান হ’ব৷ অৱশ্যে গুৰুৰ সহযোগত কিছু মানসিক দিশত উপকৃত হ’ব৷ বিদ্যাতো শুভ প্রভাৱ নাই যদিও চেষ্টাৰ ফল পাব৷ প্রিয় লোকৰ কথাত কিছু সন্দেহ দেখা যায়৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
সিংহ- আর্থিক উপায়ৰ কথাই কোনোৰ মনত বাৰে বাৰে চাপ দিব৷ অভাৱ–নাটনতকৈ নিজৰ ভৱিষ্যতৰ বাবে বেছি ভাব প্রৱণতাই ৰুক্ষ অৱস্থালৈ ৰূপান্তৰিত যাতে নহয়, সাৱধান থাকক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷
কন্যা- কর্মাদিত মন দিয়াৰ যত্ন কৰক৷ আর্থিকত বাধা থাকিব যদিও বেছি ভবা–গুণা কৰাৰ প্রয়োজন নাই বুলি ধৰিব৷ দাম্পত্যত মধ্যম৷ দুষ্ট লোকৰ পৰা আর্থিক ক্ষতি যাতে নহয় লক্ষ্য ৰাখক৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
তুলা- কর্তব্যত জটিলতা পূর্বদিনৰ তুলনাত কম৷ নিজৰ ধৈর্য আৰু বুদ্ধিৰ বলত উপকৃত হ’ব৷ অনাহকত সময় অপব্যয়ৰ মুহূর্তৰ বাবে সাৱধান হওক৷ শৰীৰ ভালেৰে গ’লেও অৱজ্ঞা কৰিব নোৱাৰিব৷ শুভ ৰং ক্রীম, সংখ্যা ৮৷
বৃশ্চিক- টকা–পইচাৰ লেনদেনত যাতে ভ্রম নহয়৷ অর্থকষ্টৰ কথা বাৰে বাৰে মনলৈ অহাৰ পিছতে কিছু আশাপ্রদ সঁহাৰি লাভ৷ শাৰীৰিক উদ্বেগৰ মাজতো কোনো সৎকামত প্রেৰণা পাব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷
ধনু- মান–মর্যাদা বাঢ়িব৷ আনহাতে ঘৰুৱা দিশত সম্পূর্ণ মন দিয়াত খেলিমেলি থাকিব৷ তথাপিতো আজি কোনো কামত নিষ্ঠাৰ প্রমাণ লাভ কৰিব৷ বিদ্যাত সুযোগ নিজে ল’ব লাগিব৷ ভ্রমণত মধ্যম ফল৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷
মকৰ- বিশেষ দুশ্চিন্তা থাকিব৷ তথাপি ভাবি–চিন্তি কামত আগুৱাওক৷ বিদ্যাত অনুকূলতা থাকিব৷ জ্ঞাতি–কুটুম্বৰ পৰা উপকৃত উপদেশ৷ বন্ধুৰ সহযোগ৷ মাতৃৰ তথা চুবুৰীয়াৰ লগত সদ্ভাৱ৷ দাম্পত্যত মধ্যম৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷
কুম্ভ ঃ প্রাথমিকতে অলপ অসুবিধা বা নিঃসংগতা অনুভৱ কৰিব পাৰে৷ পিছলৈ উন্নত৷ কোনো চিন্তাৰ পৰা মুক্ত হোৱাৰ কাৰক৷ অর্থক্ষতি বিশেষ প্রয়োজন সাপেক্ষে বুলি ধৰিব পাৰে৷ ভ্রমণত মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১০৷
মীন- বিদ্যা তথা বুদ্ধিৰ ক্ষেত্রত আপোনাৰ খুব অনুকূল নহ’লেও দুশ্চিন্তা নাই৷ কর্মস্থানত বাধা কম৷ শেষফালে কোনো অনাহূত বিষয়ত অপ্রস্তুত হ’বও পাৰে৷ পিতৃ–মাতৃৰ বাবে দুশ্চিন্তা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

You might also like